কোকৰাঝাৰ বিশাল জনসভাত ভৱেশ কলিতা
গুৱাহাটীঃ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বর্ষপূর্তিৰ লগত সংগতি ৰাখি দেশজুৰি আয়োজিত হৈ থকা এমাহজোৰা মহাজনসম্পৰ্ক অভিযানৰ অংশ হিচাপে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গ্রীণ ফিল্ডত এক বিশাল জনসভা অনুষ্ঠিত হৈ যায়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আয়োজিত হৈ যোৱা উক্ত সভাত অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি শিৱনাথ ব্রহ্ম, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক অজয় ৰায়, প্রাক্তন বিধায়ক বনেন মুছাহাৰী, ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামী, ব্রজেন মহন্ত আৰু বিজিৎ গৌৰা
নাৰ্জাৰীৰ লগতে বি টি আৰৰ সকলো বিজেপিৰ ই এম, এম চি এল এৰ লগতে জিলা সভাপতি সকল উপস্থিত আছিল। ত্ৰিশ হাজাৰোধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা বিশাল জনসভাত ৰাজ্যিক সভাপতি কলিতাই কয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া বিকাশৰ নৱ জাগৰণৰ সূচনা হৈছে। বিগত ৯ টা বছৰত অসমে অভিলেখ সংখ্যক প্রকল্প তথা আঁচনি লাভ কৰিবলৈ সক্ষম হয়। ২০১৪ চনৰ পৰা বৰ্তমান সময়লৈকে অসমে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ পৰা বিভিন্ন আঁচনি তথা প্ৰকল্পৰ বিপৰীতে প্ৰায় ৬ লাখ কোটি টকা লাভ কৰিছে। জল জীৱন মিছনৰ অধীনত ২৫ হাজাৰ গাঁও সামৰি লোৱা হৈছে। প্ৰায় ১২
লাখ পৰিয়ালে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰিছে। স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবেও মোদী চৰকাৰে বিশেষভাৱে তৎপৰ হৈ বিভিন্ন প্রকল্প ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে অসমত এইমছ মুকলি কৰা হৈছে। ইয়াৰ উপৰিও ১৪ খন নতুন মেডিকেল কলেজ, ৩০০ খন মডেল হাস্পতাল, ৬০০ খন প্রাথমিক স্বাস্থ্য কেন্দ্র, ১৭ খন কেন্সাৰ প্ৰতিষ্ঠান নিৰ্মাণ হৈছে। তদুপৰি অসমৰ ৩৬ লাখ মহিলাক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে। লগতে ৪৫ লাখ শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। প্ৰায় ১ কোটি লোকক প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অন্তৰ্ভূক্তি কৰা হৈছে। ৪৫ লাখ লোকক প্ৰধানমন্ত্রী জীৱনজ্যোতি বীমা যোজনাৰ অন্তৰ্ভূক্ত কৰা হৈছে। ৰাজ্যত আয়ুষ্মান ভাৰত কাৰ্ডৰ
বিতৰণ আৰম্ভ হৈছে। অসমৰ ৮০ লাখ লোকক জনধন একাউণ্টৰ সুবিধা প্ৰদান কৰিছে। শৈক্ষিক ক্ষেত্ৰত ৬ খন নতুন ইঞ্জিনীয়াৰিং কলেজ আৰু ৬ খন মহিলা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। গুৱাহাটীত ফৰেঞ্চিক বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে। ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয়, কংগ্ৰেছৰ অপ শাসনৰ ফলত সৃষ্টি হোৱা সমস্যা সমূহ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰে সমাধান কৰিবলৈ সক্ষম হৈছে। প্ৰসংগক্ৰমে ভৱেশ কলিতাই কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্রদ্ৰ আৰু ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবেই বি টি আৰ চুক্তিৰ জৰিয়তে অঞ্চলটোত শান্তি ঘূৰি আহিছে আৰু সকলো জনসাধাৰণে শান্তিপূর্ণভাবে বসবাস কৰিবলৈ সুবিধা লাভ কৰিছে।