ashomiyapatrika.com

২০২৪ত সমগ্র অসমতেই বিজেপিক উৎখাত কৰাৰ হুংকাৰ মীৰা বৰঠাকুৰৰ

0 34

গুৱাহাটীঃ সমগ্র দেশতেই এতিয়া লোকসভা নিৰ্বাচনৰ বতাহ। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি ডিমৰীয়া সমষ্টিৰ ৰাইজৰ ওচৰত উপস্থিত হয়। বিভিন্ন ৰাজহুৱা সভা সম্বোধন কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে। সভাত নিজৰ ভাষণত তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে বিজেপিক লগতে আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে ভোট প্ৰদানৰ আহ্বান জনাই নেত্ৰীগৰাকীয়ে। ডিমৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত জন জাতীয় লোক সকলৰ অভাৱ অভিযোগ আৰু অসুবিধাৰ ওপৰত মত বিনিময় কৰে। বিশেষকৈ ৰাইজৰ মাজত বিবেক ভোট দিবলৈ সজাগতা বৃদ্ধি কৰে।বিভিন্ন

গাঁওৰ গাঁও প্ৰধান, বিভিন্ন দল সংগঠনৰ নেতা, কৰ্মী সকলৰ সৈতে মত বিনিময় কৰি ৰাইজক বিজেপিৰ অপ্ৰচাৰত ভোল নযাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে আজিৰ দিনটোত ডিমৰীয়া সমষ্টিৰ প্ৰায় ১৫ খনতকৈও অধিক নিৰ্বাচনী সজাগতা সভাৰ মাধ্যমেৰে ৰাইজক বিবেক ভোট প্ৰদান কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ কৰে। তেখেতে নিজৰ ভাষনত কয় যে বিজেপিয়ে দেশ জ্বলাব জানে, এতিয়া বিজেপি চৰকাৰ হৈ থকা নাই এতিয়া মোদী তথা আদানি আম্বানীৰ চৰকাৰ। মোদীয়ে পুঁজি পতিৰ ঋণ মাফ কৰি সাধৰণ মানুহৰ পৰা কৰ কাটল লৈ,GSTয়ে ক্ষুদ্ৰ ব্যৱসায়ী তথা ৰাইজক মাধমাৰ দিছে। বৰ্তমান মোদী চৰকাৰে বিভিন্ন ধৰণে চমক

দেখাই আছে। মানুহক আচঁনিৰ নামত প্ৰবঞ্চনা, ছয় জনগোষ্ঠীৰ নামত প্ৰতাৰণা কৰিছে। বৰ্তমান বিজেপি চৰকাৰ শাসন ব্যৱস্থাই ভাৰতৰ গণতন্ত্ৰক লজ্জিত কৰিছে, সমগ্ৰ অসমৰ ৰাইজক মিছা প্ৰতিশ্ৰুতিৰে আঁচনিৰ নামত হিতাধিকাৰিলৈ ৰূপান্তৰ কৰিব বিচাৰিছে। আজি কোনো লোকে স্বাধীনভাৱে কথা কৱ নোৱাৰে, ভোট প্ৰদানৰ ক্ষেতত ৰাইজক আঁচনী পৰা বঞ্চিতৰ ভাবুকি প্ৰদান, কোনোও ভাল কাম কৰিব নোৱাৰে, কলেই প্ৰশাসনৰ জৰিয়তে জেলত ভৰাই থয়। মণিপুৰ জ্বলি শেষ হ’ল কিন্তু বিজেপিৰ এটুপাল চকুপানী নোলাল। বিজেপিয়ে ক্ষমতাৰ স্বাৰ্থত মানুহৰ মাজত ভেদাভেদ সৃষ্টি কৰি দেশ ধ্বংস কৰিব বিচাৰিছে। এই লোকসভা নিৰ্বাচন সাধাৰণ নিৰ্বাচন

নহয়, এই নিৰ্বাচন দেশ, গণতন্ত্ৰ, স্বাধীনতা ৰক্ষাৰ যুঁজ। এই যুঁজ কেৱল বিজেপিৰ বিৰুদ্ধেই নহয়, এই যুঁজ স্বৈৰাচাৰী, অগণতান্ত্ৰিক শাসনৰ বিৰূদ্ধে।” এইবাৰ সমগ্ৰ ভাৰতত বিৰোধী ঐক্য মঞ্চৰ “INDIA”ৰ অধীনত কেন্দ্ৰীয় চৰকাৰ আহিলে হাতে সকলো ব্যৱস্থাৰ সলনি কৰিব বুলি মন্তব্য আগবঢ়ায়। উক্ত সভাত ডিমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি বৈশিষ্ট মুনি ৰামদে, মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী মাধৱী ৰহাং, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ উপ সভাপতি নিতো ৰঞ্জন শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, সম্পদক কৃদীপ বৰ্মণ, সম্পাদক উমেশ ডেকা, অসম প্ৰদেশ কংগ্ৰেছ জেষ্ঠ মুখপাত্ৰ গোপাল শৰ্মা, ডিমৰীয়া ব্লক যুৱ কংগ্ৰেছৰ জয়ৰাম টুমুং, কমাৰকুছি মণ্ডল কংগ্ৰেছৰ সভাপতি অনিল দাস, উপ সভাপতি ভাস্কৰ চেত্ৰীসহিতে অনান্য জিলা, ব্লক, মণ্ডল, বুথ পৰ্য্যায়ৰ কৰ্মী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.