মনোনয়ন দাখিল পৰ্বৰ সামৰণিঃ গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ১০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
গুৱাহাটীঃ অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ অধীনস্থ ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মুঠ ১০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিমটো দিনত মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আজি মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীকেইগৰাকী হৈছে- ভাৰতীয় জনতা পাৰ্টিৰ বিজুলী কলিতা মেধি, ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী, বহুজন মহাপাৰ্টিৰ চেজন গয়াৰী আৰু ভাৰতীয় নেচনেল জনতা দলৰ নয়ন দাস৷ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে কামৰূপ মহানগৰ জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত
মনোনয়ন পত্ৰ দাখিল কৰে। ইতিপূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰা আন ৬ গৰাকী প্ৰাৰ্থী হৈছে- ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, ভোটাৰচ পাৰ্টী ইন্টাৰনেচনেল দলৰ দীপক কুমাৰ বড়ো, নিৰ্দলীয় অৰ্পিতা চৌধুৰী, কাজি নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ৷ কাইলৈ অৰ্থাৎ ২০ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু অহা ২২ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব৷ উল্লেখযোগ্য যে আজি বিয়লি ৩ বজাত মনোনয়ন পত্ৰ দাখিল পৰ্ব সামৰণি পৰে৷