ashomiyapatrika.com

তথ্য জনা অধিকাৰ আইনক উপলুঙা কামৰূপ জিলা তথ্য আয়ুক্ত বিষয়া আৰু জিলা শিক্ষা বিষয়াৰ

0 86

বকোৰ পৰা বিষ্ণুৰাম দাসঃ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দূৰ্ণীতি ভ্ৰষ্টাচাৰ নিৰ্মূলৰ শ্লোগান এক ভূৱা আৰু ৰাইজক শুনোৱা প্ৰলাপ মাত্ৰ। এই অভিযোগ কামৰূপ জিলাৰ বকোৰ এগৰাকী সচেতন যুৱকৰ। উল্লেখ্য যে বকোৰ জনৈক দাস উপাধিৰ সচেতন যুৱক গৰাকীয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ কামৰূপ জিলাৰ বকো শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ জৰিয়তে বিদ্যালয় সমূহত যোগান ধৰা স্কুলীয়া সাজ অৰ্থাৎ ইউনিফৰ্ম বিতৰণ কৰা অথবা যোগান ধৰা চৰকাৰী গাইড লাইন খন তথ্য জনাৰ অধিকাৰ আইন – ২০০৫ ৰ জৰিয়তে বিচাৰি আবেদন জনাইছিল। যোৱা ১৩ ফেব্ৰুৱাৰীত তথ্য বিচাৰি আবেদন

জনোৱা আবেদনৰ আজিও তথ্য যোগান দিব নোৱাৰিলে। আবেদনকাৰী দাসে জনোৱা মতে তেওঁৰ আবেদন খন চৰকাৰী তথ্য অনুসৰি যোৱা ১৩ ফেব্ৰুৱাৰীতে ৫২৭৫৪/২৩ মতে পঞ্জীয়ন হৈছিল। ইয়াৰ পিছতে কামৰূপ জিলাৰ আৰ. টি .আই. বিষয়া তথা জিলা উপায়ুক্তই মেমো নম্বৰ ই চি এফ – ১৭২৩-৫২৭৫৪ /২০২২ নিৰ্দেশ যোগে জিলা শিক্ষা বিষয়াক ২২ ফেব্ৰুৱাৰীতে আবেদনকাৰীয়ে বিচৰা তথ্য খিনি আবেদনকাৰীক যোগন ধৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু আজিলৈকে জিলা শিক্ষা বিষয়াৰ পৰা কোনো উত্তৰ পোৱা নগ’ল বুলি জানিব দিয়ে দাসে। ইফালে আবেদনকাৰী দাসে জনোৱা মতে তেওঁ তথ্য জনাৰ

অধিকাৰ আইনৰ জৰিয়তে কৰা আবেদনৰ প্ৰাপ্তি ৰছিড দুমাহ ধৰি নাপায় পুনৰ সংশ্লিষ্ট বিভাগৰ কাৰ্য্যালয়ৰ দায়িত্ববাহী বিষয়াক লগ ধৰে। তেতিয়াহে ঘটনাৰ ওৰ ওলাই পৰে। জিলা তথ্য জনাৰ অধিকাৰ আইনৰ কাৰ্য্যালয়ৰ পৰা প্ৰেৰণ কৰা নিৰ্দেশনা পত্ৰ খন জিলা শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ দায়িত্ববাহী বিষয়াই যোৱা ৩ মাৰ্চতেই সংগ্ৰহ কৰে আৰু ডাক তথা পিয়ন বহীত স্বাক্ষৰ কৰে। কিন্তু ইমানৰ পিছতো জিলা শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা কোনো উত্তৰ নাহিল বুলি আক্ষেপ প্ৰকাশ কৰে আবেদনকাৰীয়ে। ইয়াৰোপৰি সমস্ত ঘটনা লিখিত ৰূপত যোৱা ৬ মে’ত জিলা শিক্ষা বিষয়াক অৱগত কৰা হৈছিল কিন্তু জিলা শিক্ষা বিষয়াইয়ো

বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে দাসে। জানিব পৰা মতে দাসে তথ্য বিচাৰি জনোৱা আবেদনত বকো খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ অধীনত কিমান গৰাকী চৰকাৰী অনুজ্ঞা পত্ৰ থকা ইউনিফৰ্ম যোগান ধৰোতা আছে ? একে খন আবেদনতে ইউনিফৰ্ম যোগোন ধৰা ভেণ্ডৰৰ বাবে টেণ্ডাৰ তথা নিবিদাৰ বাবে কৰা আবেদন কাৰ্য্যালয়ৰ জাননী ফলকত আৰি দিয়া হৈছিল নে ? যদি হৈছিল কপিটো আবেদনকাৰী দাসে বিচাৰিছিল। ইউনিফৰ্ম বিতৰণ যিহেতু চৰকাৰী টেণ্ডাৰ তথা নিৰ্দেশনা এই খৱৰ অসমৰ বাতৰি কাকতত বিজ্ঞাপন দিয়া হৈছিল নে ? যদি হৈছিল বাতৰি কাকতৰ কপিটো বিচাৰিছিল। আনহাতে চৰকাৰী নীতি

মতে টেইলৰিংক স্কুলীয়া সাজ তৈয়াৰ কৰিবলৈ অৰ্ডাৰ দিয়া হয় নে ভেণ্ডৰক দিয়া হয় চৰকাৰী অৰ্ডাৰ টোও বিচাৰিছিল। কিন্তু আজিলৈকে কৰ্তৃপক্ষই দাসক উত্তৰ দিব নোৱাৰিলে। ইফালে জিলা শিক্ষা বিষয়াৰ পৰা অথবা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ পৰা কোনো উত্তৰ নাপায় চৰকাৰৰ এনে কাৰ্য্যৰ বাবে চৰকাৰৰ শূণ্য সহনশীলতা নীতিক এক প্ৰলাপ বুলি সাংবাদিকৰ আগত চৰকাৰক তিৰস্কাৰ কৰে আবেদনকাৰীয়ে। ইফালে তথ্য জনাৰ অধিকাৰ আইন – ২০০৫ ৰ জৰিয়তে বিচৰা শিক্ষা বিভাগৰ সাধাৰণ তথ্য খিনিকে বিভাগটোৱে দিৱ নোৱাৰে তেনেহলে চৰকাৰী ভাৱে আঁচনি ৰূপায়ণ কৰা তথ্য কেনেকৈ দিব ? দাসে বিচৰা গাইড লাইনত এনে কি

ৰহস্যময় ঘটনা আছে যে বিভাগটোৱে ৰাজহুৱা নকৰে ? তেনেহলে কিয় চৰকাৰে তথ্য জনা অধিকাৰ আইন – ২০০৫ প্ৰৱৰ্তন কৰি ৰাখিছে ? ইয়াক আইন মতে বাতিল কৰিলেই চৰকাৰৰ অধিক লাভ হ’ব। যদি আবেদনকাৰীয়ে বিচৰা সঠিক তথ্যই নাপায়, আইন কিয় লাগে ? কথাবোৰ বাতৰি কাকতত প্ৰকাশ হোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে গুৰুত্ব আৰোপ নকৰাটো এক গভীৰ ৰহস্যৰ কাৰণ। এই ক্ষেত্ৰত জনসংযোগ বিভাগ আৰু ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় দাসে পৰৱৰ্তী সময়ত বিষয়টো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকো অৱগত কৰিব বুলি ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.