ashomiyapatrika.com

বকোৰ সৰ্বমঙ্গলা দূৰ্গাবাড়িত ১৭ সংখ্যক বৰ্ষৰ শ্ৰী শ্ৰী বাসন্তী পূজাৰ মহা আয়োজন

0 49

বকোঃ ‘ওম সৰ্বমঙ্গল মঙ্গল্যে শিৱে সৰ্বাৰ্থসাধিকে। শৰণ্যে এ্যম্বকে গৌৰি নাৰায়ণি নমোহস্ততে, ধৰ্মীয় বাণীৰে কামৰূপ জিলাৰ বকোত পূজক কৃষ্ণকান্ত ব্যানাৰ্জীয়ে আয়োজন কৰে শ্ৰী শ্ৰী মা বাসন্তী পূজা। বিগত বছৰবোৰৰ দৰে এই বৰ্ষত ১৭ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে দেৱী মা বাসন্তী পূজা। বকোৰ ১ নং ডাকুৱাপাৰাস্থিত সৰ্বমঙ্গলা দূৰ্গাবাড়িত সম্পূৰ্ণ একক প্ৰচেষ্টাৰে আয়োজন কৰা পূজাভাগি অহা ১৪ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ অৰ্থাৎ ১ ব’হাগৰ পৰা ৫ ব’হাগলৈ অনুষ্ঠিত হ’ব। পূজক তথা ধৰ্মপ্ৰাণ কৃষ্ণকান্ত ব্যানাৰ্জীয়ে জনোৱা মতে সম্পূৰ্ণ সনাতনী, বৈদিক তথা মাংগলিক ৰীতি-নীতিৰে ১৪ এপ্ৰিল অৰ্থাৎ পহিলা ব’হাগৰ দিনা পূজা ভাগি শুভাৰম্ভ কৰা হ’ব।

ইফালে পূজক তথা ব্যানাৰ্জী পৰিয়ালৰ কিশোৰ কুমাৰ ব্যানাৰ্জী, তাপশ কুমাৰ ব্যানাৰ্জী আৰু প্ৰশেঞ্জিত কুমাৰ ব্যানাৰ্জীয়ে জনোৱা মতে ব্যানাৰ্জী পৰিয়ালৰ উদ্যোগত এই বৰ্ষও মা বাসন্তী দূৰ্গাদেৱীৰ পাদ পদ্মত এপাহি পূষ্পাঞ্জলী দি দেৱীৰ আৰ্শীবাদ ল’বলৈ মনস্থ কৰিছে। উল্লেখ্য যে বাসন্তী পূজাৰ কাৰ্য্যক্ৰমণিকা অনুসৰি পহিলা ব’হাগৰ দিনা দেৱীৰ আমন্ত্ৰণ ও অধিবাসেৰে পূজা শুভাৰম্ভ হ’ব। ইয়াৰ পিছতে ১৫ এপ্ৰিলত সপ্তমী বিহিত পূজা। ১৬ এপ্ৰিলত মহাষ্টমী বিহিত পূজা। ১৭ এপ্ৰিলত মহানৱমী আৰু ১৮ এপ্ৰিলত যথাবিহিত দশমী পূজা অনুষ্ঠিত হ’ব। পূজা ভাগিত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে ব্যানাৰ্জী পৰিয়ালে।

Leave A Reply

Your email address will not be published.