‘দীক্ষিতা’ বকোৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বিশ্ব সুকুমাৰ কলা দিৱস উদযাপনৰ প্ৰস্তুতি
বকোঃ সমগ্ৰ বিশ্বই প্ৰতি বছৰে ১৫ এপ্ৰিল অৰ্থাৎ ২ ব’হাগ তাৰিখে বিশ্ব সুকুমাৰ কলা দিৱস হিচাপে পালন কৰি আহিছে। সেই উপলক্ষে কামৰূপ জিলাৰ বকোৰ সমাজ সংগঠক, বিশিষ্ট ব্যৱসায়ী তথা বৌদ্ধিক আন্দোলনৰ পৃষ্ঠপোষক জনাৰ্দ্দন বড়োৰ একক প্ৰচেষ্টাত বকোতো পালন কৰা হয় সুকুমাৰ কলা দিৱস। এই বেলি জনাৰ্দ্দন বড়োৰ তৎপৰতাত তেখেতৰ বাণিজ্যিক প্ৰতিষ্ঠান ‘দীক্ষিতা’ বকোৰ উদ্যোগত ষষ্ঠ সংখ্যক বৰ্ষৰ বাবে বিশ্ব সুকুমাৰ কলা দিৱস আয়োজনৰ প্ৰস্তূতি পুৰ্ণ গতিত চলিছে। এই উপলক্ষে উদ্যোক্তা জনাৰ্দ্দন বড়োই জনোৱা মতে বিশ্ব সুকুমাৰ কলা দিৱসৰ কাৰ্য্যসুচী অনুসৰি ১৫ এপ্ৰিলৰ দিনা পুৱা বিশ্ব বিশ্ৰুত প্ৰখ্যাত শিল্পী লিও নাৰ্ড দা
ভিঞ্চিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতাই। শিল্পী গৰাকীৰ ছবিত মাল্যাৰ্পন কৰিব বকো সাহিত্য সভাৰ সভানেত্ৰী বিজয়া ডেকাই। দীক্ষিতা চৌহদত কলা বীথিকা আৰু কাব্য কানন আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কেশৱ ৰাভা আৰু বকো বি এড কলেজৰ সচিব ড° গণেশ্বৰ চহৰীয়াই। ইয়াৰ পিছত গুৰু বন্দনা অনুস্থানত কেৱাগৰাকী জ্যেষ্ঠ্য শিক্ষাগুৰুক সন্মান প্ৰদান কৰা হ’ব। অনুস্থানত অসমীয়া দিনপঞ্জী ‘শিপা’ উন্মোচন কৰিব বকো সাহিত্য সভাৰ উপদেষ্টা সুৰেণ চন্দ্ৰ কলিতাই। ইফালে বিশ্ব সুকুমাৰ কলা দিৱস পালনৰ লগত সংগতি
ৰাখি শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত অসমীয়া আৰু ইংৰাজী অভিধান বিতৰণ কৰা হ’ব। আনহাতে প্ৰতি বছৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা। যোৱা ২৯ মাৰ্চত বকো মজলীয়া বিদ্যালয় প্ৰাংগনত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত মুঠ ৩১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোক বঁটা প্ৰদান কৰা হ’ব।