ashomiyapatrika.com

জ্যেষ্ঠ সাংবাদিক, কৃতি শিক্ষক ৰজত চন্দ্ৰ বৈশ্য চিকিৎসাধীন

0 37

গুৱাহাটীঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ নিবাসী, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, কামৰূপ জিলাৰ সাংবাদিক সন্থাৰ প্রতিষ্ঠাপক সভাপতি ৰজত চন্দ্ৰ বৈশ্য সংকটজনক অৱস্থাত কালি মাজনিশাৰে পৰা গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছে। প্ৰায় ৯০ বছৰ উৰ্দ্ধৰ জ্যেষ্ঠ সাংবাদিক ৰজত চন্দ্ৰ বৈশ্য কালি নিশা নিজ গৃহত হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে নেমকেয়াৰ হস্পিতালত ভৰ্ত্তি কৰায়। সম্প্ৰতি সংকটজনক অৱস্থাত তেঁওক ভেল্টিলেটৰত চিকিৎসকৰ নিৰন্তৰ পৰ্যবেক্ষণত চিকিৎসা প্ৰদান কৰা হৈছে। আনহাতে কামৰূপ জিলা সাংবাদিক সন্থা, পশ্চিম গুৱাহাটী সাংবাদিক সন্থা,

আজাৰা প্ৰেছ গীল্ড, ধাৰাপুৰ তালুক কমিটি, ধাৰাপুৰ ৰঙালী বিহু সন্মিলনী, ধাৰাপুৰ শ্ৰী শ্ৰী দুৰ্গা পূজা পৰিচলনা কমিটি, জালুকবাৰী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী, খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজা পৰিচলনা কমিটি, খানামুখ ৰঙালী বিহু বিদায় সন্মিলনীকে ধৰি বিভিন্ন দল – সংগঠনে ৰজত চন্দ্ৰ বৈশ্যৰ আশু আৰোগ্য কামনা কৰিছে। উল্লেখ্য যে ১৯৭০ চনৰে দৈনিক অসম কাকতৰ আজাৰাৰ সংবাদদাতা হিচাপে তেঁও সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াইছিল। সমান্তৰালভাবে বৰ্তমানৰ ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা তেতিয়াৰ ৰামচাৰাণী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে তেঁও ১৯৯৬ চনতে প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিলেও

দীৰ্ঘদিন ধৰি তেঁও ধাৰাপুৰকে ধৰি পশ্চিম গুৱাহাটীৰ বিভিন্ন সামাজিক – সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সামাজিক ক্ষেত্ৰখনলৈ নিৰন্তৰ সেৱা আগবঢ়াইছিল।

Leave A Reply

Your email address will not be published.