ashomiyapatrika.com

বকোৰ ২ নং উত্তৰ চেখাদাৰীৰ যুৱক ৰেজাউল আলী নিৰুদ্দেশঃ কান্দোনত ভাঙি পৰিছে পত্নী-মাতৃ আৰু কণমানি পুত্ৰ

0 25

বকোঃ এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে বকোৰ ছেখাদাৰীত। উল্লেখ্য যে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ২ নং উত্তৰ চেখাদাৰী গাওঁৰ যুৱ শ্ৰমিক ৰেজাউল আলী তিনি দিন ধৰি সন্ধানহীন হৈ থকাত পৰিয়ালৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে। আজি পৰিয়ালৰ লোকে সাংবাদিকৰ আগত কান্দি কান্দি অৱগত কৰে যে যোৱা ৭ এপ্ৰিলৰ দিনা পুৱা ১০ মান বজাত ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই যায় কিন্তু যি ওলাই গ’ল আৰু ঘুৰি নাহিল। ক’ত কেনেকৈ সন্ধানহীন হ’ল পৰিয়ালৰ লোকে বিচাৰ খোচৰ কৰিও উৱাদিশ পোৱা নাই। আজি পৰিয়ালৰ গৃহত গাওঁ খনৰ বহু পুৰুষ মহিলাৰ উপস্থিতিত ৰেজাউলৰ মাক, পত্নী কণমণি বেগম আৰু


শিশু পুত্ৰ মুজ্বাকিৰ আলীয়ে কান্দি কান্দি ইনায় বিনাই ঘটনাৰ বিৱৰণ দিয়ে। লগতে অসমৰ কোনোবাই দেখা পালে ৭০৯৯৩৭৮১৬৬ আৰু ৯৩৬৫২৩৫৩৮০নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ইফালে প্ৰায় ২৮ বছৰীয়া ৰেজাউল আলী সন্ধানহীন হোৱা সন্দৰ্ভত বকো আৰু মন্দিৰা আৰক্ষীক অৱগত কৰা হৈছে। সম্প্ৰতি ৰেজাউলক বিচাৰি মাক আৰু পত্নী পুত্ৰ কান্দোনত ভাঙি পৰিছে। সদাশয় লোকে সম্ভেদ পালে পৰিয়ালৰ মোৱাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.