বকো ছোৱালী হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সন্দৰ্ভত ৰাজহুৱা সভা
যতীন পাঠক সভাপতি, জ্ঞানেন্দ্ৰ কলিতা সাধাৰণ সম্পাদক হিচাপে অভ্যৰ্থনা সমিতি গঠন
বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলৰ উচ্চ শিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান বকো ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই বেলি সোণালী জয়ন্তী বৰ্ষ। বিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ দিনৰ পৰা সোণালী জয়ন্তী উৎসৱ পালনৰ দিন উকলি গৈছে যদিও বিদ্যালয় খনৰ বহু সংখ্যক শুভ চিন্তক আৰু সমাজ সংগঠক তথা বৌদ্ধিক চিন্তাৰ ব্যক্তিৰ সহযোগত সোণালী জয়ন্তী বৰ্ষৰ অনুস্থান আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি আয়োজন কৰে ৰাজহুৱা সভা। বকো ছোৱালী হাইস্কুলৰ সভাকক্ষত বিদ্যালয় খনৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতাই আত ধৰা সভা খনত পৌৰহিত্য কৰে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি সুনন্দ বড়োই। বহু সংখ্যক ছাত্ৰ ছাত্ৰী আৰু
অভিভাৱক অভিভাৱিকাৰ উপস্থিতিত আয়োজন কৰা সোণালী জয়ন্তী উৎসৱ উদযাপন সন্দৰ্ভত ৰাজহুৱা সভাত বিদ্যালয় খনৰ পঞ্চাশ বছৰ উকলি যোৱ বিষয়টো আলাপ আলোচনা কৰি চলিত বছৰৰ শেষৰ ফালে সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে ৰাজহুৱা সভাৰ কাৰ্য্যসুচী অনুসৰি আৰম্ভণি গীত, সভাপতি বাৰণ, অতিথি তথা বিশিষ্ট ব্যক্তিসকলক চা চিনাকী আৰু বিদ্যালয় খনৰ সোণালী জয়ন্তীৰ উৎসৱ পালনৰ পৰ্যালোচনা কৰা হয়। উল্লেখ্য যে ৰাজহুৱা সভাত সকলোৰে মতামতৰ ওপৰত নিৰ্ভৰ কৰি বিদ্যালয় খনৰ সোণালী জয়ন্তী মহোৎসৱ আয়োজন কৰাৰ বাবে অভ্যৰ্থনা সমিতি এখন গঠন কৰে।
বকো ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ণিল কাৰ্য্যক্ৰমণিকা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বকোৰ জ্যেষ্ঠ্য সমাজ কৰ্মী যতীন পাঠকক সভাপতি, সুমিত ৰাভা আৰু নগৰমল স্বৰ্গীয়াৰীক কাৰ্য্যকৰী সভাপতি, মুখ্য উপদেষ্টা হিচাপে বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসক, গিৰীন্দ্ৰ কুমাৰ চৌধুৰী আৰু জয়দেৱ অধিকাৰী সহ কেৱাজনো উপ সভাপতি, বিদ্যালয় খনৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতাক সাধাৰণ সম্পাদক, হৰমোহন দাস, কমল চৌধুৰী আৰু কুলেন্দু বৰকাকতিক সহকাৰী সম্পাদক, বিষ্ণু ৰাম দাসক প্ৰচাৰ বিভাগৰ সভাপতি আৰু পৰাণ জ্যোতি দাস, কমল চন্দ্ৰ বড়ো আৰু ৰজিত বড়োক বিত্ত বিভাগৰ দায়িত্ব দি গঠন
কৰে এখন শক্তিশালী অভ্যৰ্থনা সমিতি। ইয়াৰ পিছতে বহু কেইখন উপ সমিতি গঠন কৰে। আজি গঠন হোৱা অভ্যৰ্থনা সমিতি খনে অতি সোনকালে যাৱতীয় কাম-কাজৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে নৱ গঠিত সমিতিৰ বিষয় ববীয়া সকলে।