অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুক আদৰিবলৈ সাজু জৌমাং সমন্বয় বিহু দ’লঃ আজিৰ পৰা আখাৰাৰ শুভ উদ্ধোধন
বকোঃ অসমীয়া জাতিৰ আয়ূস ৰেখা তথা প্ৰাণৰো প্ৰাণ ব’হাগ মাহৰ ৰঙালী বিহু সমাগত। অইন অইন বেলিৰ দৰে এই বেলিও সমাগত ৰঙালীক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া। ইফালে সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ বকোতো সমান্তৰালকৈ বিহুৰ শিল্পী সকলোৰ গাত তত নাইকীয়া হৈছে। সেই উপলক্ষে বকোৰ জৌমাং সমন্বয় গোষ্ঠীৰ বিহু দলটিৰ আজি শুভাৰম্ভ হয় আখাৰা। জৌমাং সমন্বয় বিহু দলে বিহু হুঁচৰি আৰু বাৰ ৰহনীয়া কৃষ্টিৰ ৰসেৰে সাজু হৈছে বিহুক আদৰিবলৈ। আজি বকোস্থিত ৰাভা হাছং সংগ্ৰাহালয়ত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিহু আৰু কৃষ্টিৰ আখৰা। বহু সংখ্যক ক’লা- কুশলী, নৃত্য শিল্পীৰ উপস্থিতিত বিহুৰ আখাৰা আনুষ্ঠানিক ভাৱে
উদ্বোধন বৃহত্তৰ অঞ্চলটোৰ যুৱ সমাজ কৰ্মী তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য সুমিত ৰাভাই, অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ্য সমাজ কৰ্মী প্ৰহ্লাদ বড়োই। বকোৰ যুৱ কৰ্মী বিষ্ণু ৰাম দাসে আত আৰু উদ্যেশ্য বাখ্যা কৰা বিহুৰ আখাৰা শুভ উদ্ধোধনী অনুষ্ঠানত কেৱা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজিৰ পৰা বিহুৰ আখাৰা আৰম্ভ কৰে আৰু ঢোল, পেঁপা সহ নাচনীকে ধৰি সকলো যাৱতীয় কাম-কাজৰ সকলো বিধি ব্যৱস্থা পৰিচালনা কৰে।