ashomiyapatrika.com

কলেজ অৱ এডুকেশ্বন বকোৰ ২৫ সংখ্যক মহাবিদ্যালয় সপ্তাহত ছাত্ৰ-ছাত্ৰীৰ সংস্কৃতি-লোককৃষ্টি-নৃত্য-নাটক আৰু চুটি ছবি প্ৰদৰ্শনঃ বাৰেচহৰীয়া সাংস্কৃতিক শোভাযাত্ৰা

0 50

বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় অৰ্থাৎ কলেজ অৱ এডুকেশ্বন বকোৰ এই বেলি ২৫ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ বৰ্ণিল কাৰ্য্যসুচী আৰম্ভ হৈছে। যোৱা ১৯ মাৰ্চত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হোৱা মহাবিদ্যালয় খনৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ভাৰতৰ ভিন্ন ভিন্ন ৰাজ্যৰ কৃষ্টি – সংস্কৃতি, লোক সংস্কৃতি, নৃত্য আৰু নাটক আদিৰ উপৰিও আচাৰ নীতি আৰু সামাজিক বিধি ব্যৱস্থাৰ ওপৰত নাট প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে ১৯ মাৰ্চৰ দিনা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা যামিনী বৈশ্যই পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে বিস্তৃত কাৰ্য্যসুচীৰে ৰূপায়ণ কৰা মহাবিদ্যালয় সপ্তাহৰ

কাৰ্য্যক্ৰমণিকা। উক্ত অনুস্থানত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ সচিব প্ৰধান ড° গণেশ্বৰ চহৰীয়াই। পাছ দিনীয়াকৈ আয়োজন কৰা মহাবিদ্যালয়ৰ সপ্তাহৰ বৰ্ণিল অনুস্থানত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ভাৰতৰ বিভিন্ন ৰাজ্য যেনে অসম, মেঘালয়, কেৰেলা, পঞ্জাৱ, বিহাৰ আদিকে ধৰি ৰাজ্য সমুহৰ কৃষ্টি সংস্কৃতি আৰু আচাৰ নীতি তথা পৰম্পৰা প্ৰদৰ্শন কৰা হয়। ইফালে মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ লগত সংগতি ৰাখি আজি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উলিওৱা হয় বাৰেচহৰীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই অনুস্থানতে সমাজ সংস্কাৰ শীৰ্ষক বাটৰ নাটকো প্ৰদৰ্শন কৰা হয়।আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যেতি প্ৰসাদ দাসৰ উপৰিও বহু সংখ্যক বিশিষ্ট অতিথি।

Leave A Reply

Your email address will not be published.