ashomiyapatrika.com

আম আদমি পাৰ্টীৰ প্ৰশ্নঃ স্কুল বন্ধ কৰি, সুৰাৰ দোকান খুলি হিমন্ত বিশ্ব শৰ্মাই অসমক কোনখন উন্নত ৰাজ্যলৈ লৈ যাব বিচাৰিছে

0 33

গুৱাহাটীঃ যিজন ড° হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে বহুত নিৰীহ যুৱকক এতিয়ালৈকে এনকাউন্টাৰ কৰা হৈছে, সেইখন অসমত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰি অভাৱনীয় গতিত সুৰাৰ প্ৰচলন কৰা নীতিয়ে আগন্তুক সময়ত অসমৰ সমাজ জীৱন অধিক অস্থিৰ তথা বিপন্ন কৰাৰ আশংকা প্ৰকট হৈ পৰিছে। কৃষি প্ৰধান ৰাজ্য হৈও যিখন অসমত মাটি-পানীত সবল অর্থনীতি গঢ়ি তুলিব পৰা তথা আত্মনিৰ্ভৰ অসম গঢ়িব পৰাৰ প্ৰচুৰ সম্ভাৱনা লুকাই আছে, সেইখন অসমত নগৰে-চহৰে, গাঁৱে-ভূঞে নতুনকৈ সুৰাৰ দোকানৰ অনুজ্ঞা-পত্ৰ দি বিজেপি চৰকাৰখনে সমাজ জীৱন তথা যুৱ প্ৰজন্মক ধ্বংসৰ দিশলৈহে লৈ গৈ আছে এই

অভিযোগ আম আদমি পাৰ্টীৰ। সংবাদ মাধ্যমক দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় – ‘মুখ্যমন্ত্রী পত্নীৰ মালিকাধীন বন্ধ্যা ইন্টাৰনেচনেল স্কুলকে ধৰি বহু ব্যক্তিগত বিদ্যালয় বিজেপি চৰকাৰখনে অসমত কাঠফুলা দৰে গঢ়াৰ অনুমতি দিছে, আনফালে একত্ৰিকৰণৰ নামত হাজাহ হাজাৰ স্কুল বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই কোনফালে লৈ যাব বিচাৰিছে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা। এতিয়া অসমত শিক্ষা নহয়, যেন সুৰাৰে ৰাজ্য পৰিচালনা কৰাৰ চাবিকাঠি হাতত লৈছে অসম চৰকাৰে। যেন সুৰাৰ জৰিয়তেহে চৰকাৰখন উদ্ধাৰ হ’ব। যি সময়ত পঞ্জাৱ আৰু দিল্লীত আপ চৰকাৰে বিশ্বমানৰ শিক্ষাৰ আৰ্হিৰে দেশৰ শিক্ষাখণ্ডত এক বিপ্লৱ আনিবলৈ


সক্ষম হৈছে, তেনে সময়ত অসমত চৰকাৰী বিদ্যালয় বন্ধ কৰি ভৱিষ্যতে অসমত কি উন্নয়ন কৰিব বিচাৰিছে বিজেপি চৰকাৰে। এইয়া সমূহ অসমবাসীৰ বাবে গভীৰ উদ্বেগৰ বিষয়।’ স্কুল, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ দুহেজাৰখন দেশীয় সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ দি জাতিটোক স্বাৱলম্বী, আত্মনিৰ্ভৰশীল, ভাৰতবৰ্ষৰ শীৰ্ষ পাঁচখন ৰাজ্যলৈ আনিব নেকি বুলি আম আদমি পার্টীয়ে প্রশ্ন উত্থাপন কৰে। দলটোৱে চৰকাৰৰ এই পদক্ষেপৰ ফলত দুৰ্ঘটনাৰ লগতে নিত্য নতুন সামাজিক অপৰাধে অসমৰ সমাজ জীৱন আগন্তুক দিনৰ বাবে আন এক অশনি সংকেত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে বুলি উল্লেখ কৰে৷

Leave A Reply

Your email address will not be published.