কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ দশম ত্ৰি- বাৰ্ষিক লাম্পী অধিবেশনৰ শুভাৰম্ভঃ মুকলি সভা
বকোঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ অন্যতম জাতি গোৰ্খা সকলোৰ স্বাভিমান সুৰক্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰখা জাতীয় সংগঠন গোৰ্খা কল্যাণ সমিতিৰ কামৰূপ জিলাৰ অধিবেশন অনুষ্ঠিত হৈছে। গোৰ্খা সকলোৰ সামগ্ৰীক উত্তোৰণৰ লক্ষ্যৰে কাম কৰি আহা সংগঠন কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ দশম ত্ৰি-বাৰ্ষিক অধিবেশন খন চিৰসেউজ লাম্পীত আজি ১৬ মাৰ্চৰ পৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হৈছে। অসমৰ অতি মনোমোহা চিৰসেউজ লাম্পীৰ হৰ্ষনগৰত ১৬ আৰু ১৭ মাৰ্চত দুই দিনীয়া বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে সংগঠনটোৰ অধিবেশন খন। উল্লেখ্য যে গোৰ্খা সকলোৰ জাতীয় সংগঠনটোৰ অধিবেশনৰ আদৰণি সমিতিৰ
সভাপতি বিকাশ চেত্ৰী আৰু সাধাৰণ সম্পাদক ধন বাহাদুৰ চেত্ৰীয়ে জনোৱা মতে জাতীয় সংগঠনটোৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যত থকা সমস্যা সমুহ সমাধানৰ বাবে পৰ্য্যালোচনা কৰিবলৈ আয়োজন কৰা হৈছে অধিবেশন খন। ইফালে কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ সভাপতি দুলাল কুমাৰ ৰাণা আৰু সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই জনোৱা মতে আজিৰ পৰা আৰম্ভ হোৱা অধিবেশনৰ কাৰ্য্যসুচী অনুসৰি দিনৰ ভাগত প্ৰতিনিধিৰ নাম পঞ্জীয়ন, প্ৰতিনিধি সভাৰ সভা গৃহৰ দ্বাৰ উদ্ধোধন আৰু প্ৰতিনিধি সভা আৰম্ভ। আনহাতে ১৭ মাৰ্চ অৰ্থাৎ আজি সংগঠনটোৰ অধিবেশনৰ মুল কাৰ্য্যসূচী। সভাপতি দুলাল কুমাৰ ৰাণাই পতাকা উত্তোলন কৰি
শুভাৰম্ভ কৰা অনুস্থানত শ্বহীদ তৰ্পণ, বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। দিনৰ ভাগত গোৰ্খা জাতিৰ জনপ্ৰিয় নেতা তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীৰ উদ্ধোধনী ভাষণেৰে সভাপতি দুলাল কুমাৰ ৰাণাই সঞ্চালনা কৰা মুকলি সভা অনুষ্ঠিত হ’ব। মুকলি সভাত সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জাতিটোৰ নেতা কৈলাশ শৰ্মাক সম্বৰ্ধনা জনোৱা হ’ব। মুকলি সভাত অসমৰ মন্ত্ৰী, ৰাভা হাছং পৰিষদৰ চিফ, গোৰ্খা উন্নয়ণ পৰিষদৰ বিষয় ববীয়া, চৰকাৰ তথা জাতি জনগোষ্ঠীৰ নেতৃবৃন্দক আমন্ত্ৰণ জনোৱা হৈছে বুলি জনায় আদৰণি সমিতিয়ে।