ashomiyapatrika.com

লুৰীণৰ মুৰত হাত থৈ ড° নগেন শইকীয়াৰ আশীৰ্বাদ, ক’লে- ‘বিজয়ী ভৱ’

0 43

ডিব্ৰুড়বাসীৰ প্ৰতিনিধি হোৱাৰ যোগ্যতা হেৰুৱাইছে সোণোৱালে

ডিব্ৰুগডঃ অসম জাতীয় পৰিষদৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ মুৰত হাত থৈ আজি আশীৰ্বাদ দিয়ে বিশিষ্ঠ সাহিত্যিক ড° নগেন শইকীয়াই৷ দলীয় প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচত আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা যুৱ নেতাজনে আজি পুৱাই  ডিব্ৰুগড় চহৰত তকা ডঃ শইকীয়াৰ বাসভৱনত উপস্থিত হয়৷ অসমীয়া সাহিত্যৰ এগৰাকী বৰেণ্য সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া জাতীয়তাবাদী আন্দোলনৰ এগৰাকী অভিভাৱকৰূপে পৰিচিত ড° শইকীয়াই জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ সৈতে প্ৰায় এঘন্টাজুৰি দীঘলীয়া বাৰ্তালাপ কৰে আৰু নিৰ্বাচনী যুদ্ধৰ অগ্ৰগতিৰ বুজ লয়৷ ৮৫ বছৰীয়া সাহিত্যিকগৰাকীয়ে

গগৈৰ মুৰত হাত থৈ আশীৰ্বাদ দিয়ে আৰু ‘বিজয়ী ভৱ’ বুলি কৈ নিৰ্বাচনত জিকি অহাৰ কামনা কৰে৷ ড° শইকীয়া লুৰীণজ্যোতি গগৈৰ সৈতে যোৱা তেওঁৰ দলীয় সতীৰ্থসকলক উদ্দেশ্যি কয় যে বিজেপিৰ ওপৰত যি ভৰসা কৰি অসমীয়া ৰাইজে ভোট দিছিল, বিজেপিয়ে সেই ভৰসা কেতিয়াবাই ভাঙি পেলোৱাই নহয়, অসমীয়া ভাষা-সংস্কৃতি তথা জাতিটোৰ অস্তিত্ব বিপন্ন কৰিব পৰা ষড়যন্ত্ৰ ৰচনা কৰিছে৷ ডিব্ৰুগড়ৰ বাসিন্দা হৈয়ো প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ উক্ত ষড়যন্ত্ৰৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে৷ ফলত সোণোৱালে ডিব্ৰুগড়বাসীৰ প্ৰতিনিধি হোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছে সোণোৱালে৷ তেওঁ কয় যে লুৰীণজ্যোতি গগৈয়ে অসমীয়া মানুহৰ কণ্ঠ হিচাপে থিয় দিছে৷ অসমীয়া মানুহে এই কণ্ঠটো শক্তিশালী কৰিব লাগে৷

Leave A Reply

Your email address will not be published.