ashomiyapatrika.com

কামৰূপ মহানগৰ নিৰ্বাচন জিলাত ভোটাৰৰ সুবিধাৰ্থে ভোটকেন্দ্ৰৰ স্থানান্তৰ, অতিৰিক্ত ভোটকেন্দ্ৰৰ সৃষ্টি

0 27

গুৱাহাটীঃ কামৰূপ মহানগৰ নিৰ্বাচন জিলা প্ৰশাসনে ভোটাৰৰ সুবিধাৰ্থে জৰাজীৰ্ণ হৈ পৰা ভোটকেন্দ্ৰৰ স্থানান্তৰ আৰু অতিৰিক্ত ভোটকেন্দ্ৰ সৃষ্টিৰ বাবে জনোৱা প্ৰস্তাৱত ভাৰতৰ নিৰ্বাচন আয়োগে অনুমোদন দিছে৷ নিৰ্বাচন বিষয়া শেখৰণ ফুকনে জনোৱা অনুসৰি ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ ৮৪ নং লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহৰ ভোটকেন্দ্ৰটোৰ স্থান সলাই ৮৪ নং চন্দ্ৰপুৰ জুনিয়ৰ বেচিক স্কুল ভোটকেন্দ্ৰ কৰা হৈছে৷ একেটা বিধানসভা সমষ্টিৰে ৯২ নং চন্দ্ৰপুৰ সাহিত্য সভা ভোটকেন্দ্ৰটোৰ স্থান সলাই ৯২ নং চন্দ্ৰপুৰ উচ্চ মধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰ কৰা হৈছে৷ জৰাজীৰ্ণ হৈ পৰা বাবে

ভোটকেন্দ্ৰ দুটা নতুন ভৱনলৈ নিয়া হৈছে৷ আনহাতে ৩৩ নং দিছপুৰ বিধানসভা সমষ্টিৰ ২ নং মডাৰ্ন ইংলিছ স্কুল ভোটকেন্দ্ৰত এটা অতিৰিক্ত ভোটকেন্দ্ৰৰ সৃষ্টি কৰা হৈছে৷ একেটা বিধানসভা সমষ্টিৰে ৮২ নং নাৰবাম প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত এটা অতিৰিক্ত ভোটকেন্দ্ৰৰ সৃষ্টি কৰা হৈছে৷ একেদৰে ৩৬ নং কেন্দ্ৰীয় গুৱাহাটী বিধানসভা সমষ্টিৰ ১৪৫ নং বেংগলী হাইস্কুল ভোটকেন্দ্ৰটোত এটা অতিৰিক্ত ভোটকেন্দ্ৰৰ সৃষ্টি কৰা হৈছে৷

Leave A Reply

Your email address will not be published.