বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ৫৬ সংখ্যক বৰ্ষৰ বিহু আয়োজনৰ কাৰ্য্যালয় মুকলিঃ যাৱতীয় কাম-কাজৰ আনুষ্ঠানিক শুভাৰম্ভ
বকোঃ অসমীয়াৰ স্বাভিমান, প্ৰাণৰো প্ৰাণ, বাপতি সাহোন ৰঙালী বিহু কামৰূপ জিলাৰ বকো আঞ্চলিক সমিতিৰ ৫৬ সংখ্যক বৰ্ষত ভৰি দিয়ে। সেই উপলক্ষে সমাগত বিহু উৎসৱ উদযাপনৰ বাবে যাৱতীয় কাম-কাজ পৰিচালনা কৰিবলৈ আজি সন্ধিয়া পৰত মুকলি কৰে এটি কাৰ্য্যালয়।১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিহুৰ কাৰ্য্যালয়টো আনুস্থানিক ভাৱে উদ্বোধন কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ চন্দ্ৰ নাথে। ৫৬ সংখ্যক বিহু আয়োজক সমিতিৰ সভাপতি ধনঞ্জয় মেধি আৰু সাধাৰণ সম্পাদক গোবিন্দ দলৈৰ তৎপৰতাত বিহুৰ কাৰ্য্যালয় মুকলি অনুস্থানত বিহু আয়োজক সমিতিৰ মুখ্য উপদেষ্টা তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যেতি প্ৰসাদ দাস
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য তথা উপদেষ্টা অৰ্জুন চেত্ৰী, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, জ্যেষ্ঠ্য শিল্পী জয়দেৱ অধিকাৰী, মনোৰঞ্জন কলিতা, জগত চন্দ্ৰ দাস, পৰাণজ্যোতি দাস, গীৰিধৰ বড়ো, দীপক কুমাৰ, ৰজিত বড়ো, ৰঞ্জিৎ দলৈ, যুৱ সমাজ কৰ্মী অনুপম দাস, হিৰণ্য কুমাৰ নাথ, অমৰেন্দ্ৰ অধিকাৰী ; দীপক কুমাৰ ৰাভা সহ বিষয় ববীয়াই সহযোগ কৰা অনুস্থানত বহু জ্যেষ্ঠ্য সমাজ সংগঠক আৰু শুভাকাংশীয়ে সহযোগ আগবঢ়াই।