ashomiyapatrika.com

সঞ্চালকৰ মৌখিক প্ৰতিশ্ৰুতিত চচলতে অব্যাহত ৰাখিছে অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলন

0 44

গুৱাহাটীঃ অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ আহ্বানত যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা দিনে ৰাতিয়ে গুৱাহাটীৰ চচল ধৰ্ণাস্থলীত ধাৰাবাহিকভাৱে অসহযোগ আন্দোলন কাৰ্যসূচী চলাই আছে। ৰাজ্যখনৰ ৰাজধানীৰ নিচেই ওচৰতে সমগ্ৰ ৰাজ্যৰ পাল পাতি পাতি প্ৰতিনিশাই শতাধিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকাই মুকুলি আকাশৰ তলত যোৱা ১৬ দিন ধৰি আন্দোলনত কৰি থকাৰ পিছতো এবাৰলৈ মন্ত্ৰীসভাৰ কোনো এজন মন্ত্ৰী নাহিল। আনকি বিভাগীয় মন্ত্ৰীয়ে আহিবলৈ সময় নাপালে। যাৰ বাবে খঙতে ৰুদ্ৰ মূৰ্তি ধৰি যোৱা ১১ মাৰ্চত কৰ্মী-সহায়িকা তথা মিনি কৰ্মীয়ে ৰাজপথেই দিছপুৰ যাত্ৰা কৰিবলৈ বাধ্য হয়। আৰক্ষী প্ৰসাশনৰ নানা বাধা নেওচি চচলৰ পৰা

ছয়মাইল পায়। আৰক্ষীয়ে দিয়া বেৰিকেডৰ বাবে পথ বন্ধৰ দৰে পৰিৱেশ হয়। সেই আৰক্ষীৰ বেৰিকেডৰ ঠাইত বৰ্তমানৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস উপস্থিত হৈ আন্দোলন কাৰিৰ সন্মুখত মাইক যোগে প্ৰতিশ্ৰুতি দিয়ে যে অহা ১৩ বা ১৪ মাৰ্চত বিভাগীয় মন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈ অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক সন্থাৰ দাবী সমাধানৰ পথ উলিয়াব। আজিও প্ৰায় তিনি সহস্ৰাধিক কৰ্মী সহায়িকাই চচল ধৰ্ণাস্থলী উত্তাল কৰে। অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক সন্থাৰ সাধাৰণ সম্পাদদিকা আৰু সভানেত্ৰী ক্ৰমে ইন্দিৰা নেৱাৰ আৰু জয়মতী দাসে জনায় যে সঞ্চালকৰ মৌখিক প্ৰতিশ্ৰুতিত

আমি চচলত অসহযোগ আন্দোলন অব্যাহত ৰাখিম। যদি সঞ্চালকৰ প্ৰতিশ্ৰুতি মতে ১৩ বা ১৪ মাৰ্চৰ আলোচনা যদি কৰ্মী আৰু সহায়িকাৰ পক্ষে নাথাকে তেতিয়া হলে ইয়াতকৈ তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হম্৷ প্ৰয়োজন হলে জেলভৰো আন্দোলন কৰিবলৈ সাজু থাকিম।

Leave A Reply

Your email address will not be published.