ashomiyapatrika.com

পঞ্চম অসম ছাত্ৰ অলিম্পিক গেমছ – ২০২৩ৰ খেলুৱৈ নিৰ্বাচন সন্দৰ্ভত বনগাঁও ক্ৰীড়া সন্থাৰ সংবাদ মেল

0 36

১৫ আৰু ১৬ জুলাইত আয়োজন কৰা হৈছে শিবিৰ

বকোৰ পৰা বিষ্ণুৰাম দাসঃ দশম ছাত্ৰ অলিম্পিক গেম ২০২৩ – ২৪ বৰ্ষৰ খেল উত্তৰাখণ্ড আয়োজন কৰা হৈছে। সেই ৰাষ্ট্ৰীয় গেমত অংশগ্ৰহণ কৰিবলৈ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁওত আয়োজন কৰা হৈছে খেলুৱৈ নিৰ্বাচন শিবিৰ। উল্লেখ্য যে অসম ৰাজ্যিক ভিত্তিত কাৰাটে, টাইকোৱাণ্ডো আৰু ঊশ্বু খেলৰ খেলুৱৈ নিৰ্বাচন কৰিবলৈ ইতিমধ্যে ২ জুলাইত আয়োজন কৰা হৈছিল শিবিৰৰ। সাম্প্ৰতিক সময়ত প্ৰাকৃতিক দুৰ্যোগ আৰু বানপানীৰ বাবে খেলুৱৈ নিৰ্বাচন শিবিৰ ২ জুলাইত স্থগিত ৰখা হৈছে। ইফালে বনগাঁও ক্ৰীড়া সন্থাৰ কাৰ্য্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুসৰি অহা ১৫ আৰু ১৬ জুলাইত অনুষ্ঠিত হ’ব খেলুৱৈ নিৰ্বাচন শিবিৰ। আজি এই

কথা সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰে আয়োজক সমিতিয়ে। পঞ্চম অসম ছাত্ৰ অলিম্পিক গেমৰ খেলুৱৈ নিৰ্বাচন শিবিৰ আয়োজক সমিতিৰ সভাপতি অজন্ত কলিতা আৰু বনগাঁও ক্ৰীড়া সন্থাৰ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়াই সম্বোধন কৰা সংবাদ মেলত খেলুৱৈ নিৰ্বাচন শিবিৰ সফল কৰিবলৈ ৰাইজক আহ্বান জনায়। সম্পাদক মনোজ কুমাৰ দাসে আত ধৰা আৰু সন্ধিয়া পৰত আয়োজন কৰা সংবাদ মেলত উপস্থিত থাকে ক্ৰীড়া সংগঠক ৰামকৃষ্ণ ভড়ালী, দেৱেন বড়ো, সৰ্বেশ্বৰ ৰাভা, প্ৰদীপ কলিতা, প্ৰণৱ বড়ো আৰু ৰঞ্জিত বড়োকে ধৰি বহু কেইজন বিশিষ্ট সমাজ আৰু ক্ৰীড়া সন্থাৰ বিষয় ববীয়া।

Leave A Reply

Your email address will not be published.