ashomiyapatrika.com

বি বৰুৱা কলেজ বিদ্যাৰ্থী সংস্হাৰ উদ্যোগত আয়োজিত বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সফল সমাপন

0 32

গুৱাহাটীঃ ‘বি বৰুৱা কলেজৰ ঐতিহ্যই সকলকে পোহৰাই  ৰাখিব’ -বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ উদ্যোগত দু দিনীয়া কাৰ্য্যসূচীৰে  অনুষ্ঠিত বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ আজিৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী ‘বহ্ণিমান ব্ৰহ্মপুত্ৰ’ শীৰ্ষক সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন বিবিয়ান ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যই এইদৰে কয়। অসমৰ বিভিন্ন জাতি জনজাতি তথা দেশৰ অন্য অঞ্চলকো প্ৰতিনিধিত্ব কৰা ৪০ টা বৰ্ণাঢ্য সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিবলৈ পাই ড° ভট্টাচার্যই নষ্টালজিক হৈ পৰা বুলি প্ৰকাশ কৰে। বি বৰুৱা কলেজে আমাক বাট দেখুৱাই


আছে বুলিও ছাত্ৰ নেতা গৰাকীয়ে মন্তব্য কৰে। প্ৰাক্তন ছাত্ৰ হিমাংশু দাস আৰু কুলেন দাসৰ নেতৃত্বত কলেজ প্ৰাংগনৰ পৰা উলিওৱা এই শোভাযাত্রাত প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সভাপতি অধ্যাপক জগদীশ চন্দ্র গোস্বামী, কাৰ্যকৰী সভাপতি ড° ধ্ৰুৱজ্যেতি চৌধুৰী, সম্পাদক ড° বিজয় গোস্বামী, সহ:সম্পাদক নুৰুল হক, প্ৰশাসনীয় বিষয়া যতীন বৰা, সত্য ব্ৰত বৰুৱা, প্ৰণব দত্ত, বিৰাজ ডেকা, ৰিপন বৰুৱা, ৰঞ্জন দাস, সীমান্ত কাকতী, হেমচন্দ্র পাঠক, বি বৰুৱা কলেজৰ প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰী, অধ্যাপক, অধ্যাপিকা তথা ভালে সংখ্যক প্ৰাক্তন বিদ্যাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই শোভাযাত্রাটিত প্ৰায় ডেৰ হেজাৰোধিক লোকে অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতে


অনুষ্ঠিত হয় ‘সোঁৱৰণীৰ কুৱলী ফালি’ শীৰ্ষক প্ৰাক্তন বিদ্যাৰ্থীৰ মত বিনিময় অনুষ্ঠান। বি বৰুৱাৰ প্ৰাক্তন ছাত্ৰ তথা জনস্বাস্হ্য কাৰী কৰি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই উদ্বোধন কৰা এই অনুষ্ঠানত অধ্যাপক জগদীশ চন্দ্র গোস্বামী, সোণাপুৰ কলেজৰ অধ্যাপক ড° বিমান পাটোৱাৰী, পুঠিমাৰী কলেজৰ অধ্যক্ষ ড° নিত্যা কলিতা, ৰঙিয়া কলেজৰ অধ্যক্ষ ড° ব্ৰজেন শইকীয়া, ড° নিজৰা গোস্বামী, অভিনেতা প্ৰণৱ দত্ত, হৃষিকেশ ভৰদ্বাজ, বিৰাজ ডেকা, ড° ৰঞ্জন কাকতী আদিয়ে অংশ গ্ৰহণ কৰি নিজস্ব ভাওনাৰ নষ্টালজিক হৈ পৰে। সন্ধিয়া প্ৰাক্তন ছাত্ৰ তথা প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীব নাৰায়ণে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত বি বৰুৱা কলেজৰ


প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থী সকলে অংশ গ্রহন কৰে। উল্লেখ্য যে ৮০ খন পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কালিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত ‘ফাগুনৰ এসন্ধ্যা’ শীৰ্ষক  সংগীতানুষ্ঠানত বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ তৰফৰ পৰা সংগীত শিল্পী জুবিন গাৰ্গক ‘সূৰ্যকণ্ঠ’ উপাধি প্ৰদান কৰা হয়। অনুষ্ঠানত জুবিন গাৰ্গৰ লগতে ময়নুল হক, প্ৰিয়ংকা ভড়ালী, অৰূপ বৰুৱা, হীৰক শৰ্মা, ৰূপে শৰ্মা আদিয়ে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে। ইয়াৰ পূৰ্বে মহাবিদ্যালয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থী সকলৰ এক মত বিনিময়ৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। সত্য ব্ৰত বৰুৱা,


হেমচন্দ্র পাঠক, ড° সত্যব্ৰত  বৰুৱা, নুৰুল হকৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানটি উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ ড° সমুদ্ৰ গুপ্ত কাশ্যপে। ইয়াৰ পিছতে বি বৰুৱা কলেজৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলক বিদ্যাৰ্থী সংস্হাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

Leave A Reply

Your email address will not be published.