ashomiyapatrika.com

বকোত বি জে পিৰ সংখ্যালঘু মৰ্চাৰ ‘স্নেহ বন্ধন’ কাৰ্য্যসুচী ৰূপায়ণ

0 67

বকোঃ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ কামৰূপ জিলাৰ বকো মণ্ডলৰ উদ্যোগত যোৱা কালি ‘স্নেহ বন্ধন’ কাৰ্য্যসুচী ৰূপায়ণ কৰে। দলটোৰ বকো মণ্ডলৰ সভাপতি বুদ্ধেশ্বৰ ৰাভা আৰু সম্পাদক লাচিত কলিতাৰ সহযোগত সংখ্যালঘু মৰ্চাৰ বকো মণ্ডলৰ সভাপতি জেহেৰুল ইছলাম, সম্পাদক নজৰুল আমিন আৰু প্ৰচাৰ সম্পাদক নবি হুছেইনৰ উদ্যোগত কালিয়াবড়ী গাওঁৰ মুছলিম চূৱাৰ মক্তাৱত আয়োজন কৰা হয় ‘স্নেহ বন্ধন’ শীৰ্ষক এক জনসভা। অনুস্থানত চৰকাৰৰ অভিলাষি আঁচনি স্নেহ বন্ধন কাৰ্য্যসুচীৰ ওপৰত বিষদ আলোচনা কৰা হয়। বকোৰ কালিয়াবড়ীৰ মুছলিম চুৱাত আয়োজন কৰা বি জে পিৰ স্নেহ বন্ধন অনুস্থানত অংশগ্ৰহণ কৰে সংখ্যালঘু

মৰ্চাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি মঃ আনোৱাৰ হুছেইন, প্ৰভাৰী ৰুকীয়া বেগম, বি জে পিৰ যুৱ মৰ্চাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সম্পাদক খনীন্দ্ৰ কলিতা, বুথ সভানেত্ৰী যুতিকা ৰাভাকে ধৰি শতাধিক দলীয় কৰ্মী আৰু আঁচনিৰ হিতাধিকাৰী। অনুস্থানত বি জে পিৰ বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা কৰা হয় আৰু স্নেহ বন্ধন কাৰ্য্যসুচীৰ জৰিয়তে হ’ব পৰা উন্নয়নমূলক কামৰ বিষয়ে অৱগত কৰে।

Leave A Reply

Your email address will not be published.