ashomiyapatrika.com

জৰুৰী অৱস্থাক সমালোচনা কৰাৰ অধিকাৰ বিজেপিৰ নাইঃ প্ৰদেশ কংগ্ৰেছ

0 144

গুৱাহাটীঃ সংবিধান আৰু দেশৰ প্ৰচলিত আইন কানুনক ভৰিৰে মোহাৰি একনায়কত্ববাদী আৰু সাম্প্ৰদায়িক মনোবৃত্তিৰে গোটেই দেশখনতে অঘোষিত জৰুৰী অৱস্থাৰ অৱতাৰণা কৰা বিজেপি দল আৰু চৰকাৰৰ কংগ্ৰেছ দলৰ পূৰ্বৰ চৰকাৰৰ কাৰ্যক্ৰমণিকাক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰ্যকালত ঘোষিত জৰুৰী অৱস্থা প্ৰৱৰ্ত্তনৰ ঘোষণা ভুল আছিল বুলি পাছত স্বয়ং ইন্দিৰা গান্ধীয়ে কৈ থৈ গৈছে। বিজেপিৰ বিৰুদ্ধে এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ৷ কংগ্ৰেছে লগতে কয় তেনেক্ষেত্ৰত সূৰ্যক ভালপাঁও বুলি কবিতা লিখিলেও কবিক গ্ৰেপ্তাৰ কৰা, বিৰোধী দলৰ নেতৃবৰ্গৰ বিৰুদ্ধে বাক স্বাধীনতা হৰণ কৰি কথাই প্ৰতি ই ডি, চি বি আইৰ দৰে চৰকাৰী এজেন্সী লগাই দিয়া বিজেপি দল আৰু চৰকাৰৰ

আজি ১৯৭৫ চনতে ঘোষণা কৰা জৰুৰী অৱস্থা সম্পৰ্কত মতামত দিয়াৰ অধিকাৰ নাই। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭১ চনত বাংলাদেশক পাকিস্থানৰ কবলৰ পৰা মুক্ত কৰি যি ঐতিহাসিক ভূমিকা পালন কৰিলে,কেবল সেই ঘটনাৰ বাবেই  পৃথিৱীৰ মুক্তিকামী জনতাই  ইতিহাসৰ পাতত প্ৰয়াত প্ৰধানমন্ত্ৰী  ইন্দিৰা গান্ধীৰ নামটো সোনালী আখৰেৰে জিলিকাই ৰাখিব। আজি মণিপুৰ, গোৱা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ  আৰু অৰুণাচলৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ সমূহক বিধায়ক কিনা-বেচাৰ জৰিয়তে ভংগ কৰি তাত বিজেপি দলৰ চৰকাৰ গঠন কৰাটো কিমান সংবিধান প্ৰদত্ত? মণিপুৰৰ কুকী উগ্ৰপন্থীৰ সাহাৰ্য লৈ নিৰ্বাচনত

জয়ী হৈ চৰকাৰ গঠন কৰাটো বিজেপিৰ শাসন কালৰ অন্যতম ক’লা অধ্যায় নহয় নে? দেশৰ সমূহ সংবাদ মাধ্যমক ধনবলেৰে প্ৰভাৱান্বিত কৰি কেৱল বিজেপি দল আৰু চৰকাৰৰ সপক্ষে প্ৰচাৰ চলোৱাই দেশত যি গণতন্ত্ৰ প্ৰৱৰ্ত্তন কৰিছে,সেই ক’লা অধ্যায়ৰে নামান্তৰ মাত্ৰ। আজি বিৰোধী ৰাজনৈতিক দলৰ মুখ বন্ধ কৰাৰ যি ষড়যন্ত্ৰত বিজেপি দল আৰু চৰকাৰ  লিপ্ত হৈছে তাৰেই ফলশ্ৰুতিত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে সাংসদ পদ হেৰুৱাব লগীয়া হৈছে। বিদেশত গৈয়ো দেশৰ প্ৰধানমন্ত্ৰীজনে ভাৰতত তেওঁলোকে চলোৱা সাম্প্ৰদায়িকতাবাদৰ ফলতে সংখ্যালঘুসকলে সংবিধান প্ৰদত্ত অধিকাৰ হেৰুৱাইছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সমগ্ৰ


দেশবাসীকে আন্তৰ্জাতিক প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লজ্জানত কৰাটো ক’লা শাসনৰে পৰিচায়ক নহয়,আননো কি? মুঠৰ ওপৰত আজি সমগ্ৰ দেশজুৰি অঘোষিত জৰুৰী অৱস্থা চলাই থাকি কেৱল সোতৰ মাহৰ বাবে ঘোষণা কৰা ১৯৭৫ চনৰ জৰুৰী অৱস্থাক সমালোচনা কৰাৰ বিষয়টো আমি ভূতৰ মুখত ৰাম নাম বুলি অভিহিত কৰিব বিচাৰিছো। আজি অসম চৰকাৰে লোকতন্ত্ৰৰ সেনানি সকলক সম্বৰ্ধনা জনাবলৈ এক অনুষ্ঠান পাতি গণতান্ত্ৰিক প্ৰমূল্যবোধৰ নীত বচন গাইছে। আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এতিয়া বগলি ভকত হৈ গণতন্ত্ৰৰ মূল্যবোধৰ কথা কবলৈ বাধ্য হৈছে। এই বিষয়ে সকলোৱে অৱগত যে জৰুৰীকালীন অৱস্থা

ঘোষণা সঠিক নিৰ্ণয় নাছিল বুলি কংগ্ৰেছ নেতৃত্বই পৰবৰ্তী কালত স্বীকাৰ কৰিছে, আনকি তাৰ পিছত গান্ধীয়ে কাৰাবাস পৰ্যন্ত খাটিব লগীয়া হৈছিল। কিন্তু যি গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত আজি মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে দীঘলীয়া ভাষণ দিছে, তেওঁলোকে জানো গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰিছে ? আজি মুখ্যমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থাত চৰকাৰী যন্ত্ৰৰ অনুচিত ব্যৱহাৰৰ কথা কৈছে, কিন্তু বিজেপি দল ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত নিজ স্বাৰ্থত চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰৰ বিষয়ে সকলোৱে অৱগত। IT, CBI আৰু ED কিদৰে আৰু কিহৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে বহলাই নতুনকৈ কোৱা আৱশ্যক নাই। গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত ভাষণ


দিয়া মুখ্যমন্ত্ৰীয়ে কিদৰে তেওঁলোকৰ দলে গণতান্ত্ৰিক ভাবে নিৰ্বাচিত বিভিন্ন ৰাজ্য চৰকাৰ বগৰাবলৈ “Operation Lotus” বাৰম্বাৰ প্ৰয়োগ কৰিছে সেই বিষয়ে কওঁক৷ কংগ্ৰেছ দলক গণতান্ত্ৰিক মূল্যবোধৰ জ্ঞান দিয়া মুখ্যমন্ত্ৰীয়ে জনাওক তেওঁলোকৰ দলত কিমান গণতান্ত্ৰিক মূল্যবোধ সন্মান কৰা হয়। তেখেতে মনত ৰখা উচিত যে তেওঁলোকৰ কেন্দ্ৰীয় সভাপতি সদায় মনোনীত, কিন্তু আমাৰ কেন্দ্ৰীয় সভাপতি নিৰ্বাচিত৷ আজি মুখ্যমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত হোৱা পৰিস্থিতি ৰাইজক মনত পেলাইছে। পিছে তেখেতে উত্তৰ দিয়ক World Press Freedom Index আজি ভাৰত ১৮০ খন ৰাষ্ট্ৰৰ ভিতৰত কিয় ১৬১ স্থান পাব লগীয়া পৰিস্থিতি হৈছে। মন


কৰিব লগীয়া কথা যোৱা বছৰ ভাৰতৰ স্থান ১৫০ আছিল, অৰ্থাৎ প্ৰতি বছৰে প্ৰেছৰ স্বাধীনতা নিম্নগামী হৈ গৈ আছে। যদি কংগ্ৰেছৰ সময়ত ৰাজনৈতিক জৰুৰীকালীন অৱস্থা হৈছিল, বিজেপিৰ কাৰ্যকালত অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা হৈছেঃ বিমুদ্ৰকৰণ আৰু তাৰ কুফল সকলোৰে অৱগত। প্ৰকৃতাৰ্থত এতিয়া এক অঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে। তেতিয়াৰ MISA  আইনৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মনত পেলাইছে, পিছে এতিয়া UAPA আছে। অকল অসমতে যোৱা ৭ বছৰত ১০১৭ জন ব্যক্তিক UAPA আইনত (Unlawful Activities Prevention Act) গ্ৰেপ্তাৰ কৰা হৈছে যাৰ ভিতৰত মাথোঁ চাৰি গৰাকী ব্যক্তিক দোষী


সাব্যস্ত কৰা হৈছে। আনকি National Crime Records Bureau  (NCRB) তথ্য অনুযায়ী ৰাষ্ট্ৰদোষৰ কেচত ভাৰতৰ ভিতৰতে অসম এখন অন্যতম শীৰ্ষ ৰাজ্যঃ ২০২২ চনত ৩৫ তা কেছ ৰুজু হৈছিল। গতিকে সাময়িক পৰিস্থিতিটো এক অঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে আৰু সেয়া গণতন্ত্ৰৰ প্ৰতি এক সংকাৰ বিষয়। গণতান্ত্ৰিক মূল্যবোধৰ বচন গোৱা আৰু ৰাষ্ট্ৰৱাদৰ কথা কোৱা বিজেপি দলৰ এজন মুখ্যমন্ত্ৰী নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ লগত প্ৰত্যক্ষ সম্বন্ধ থকা পিছতো তথা বিজেপি দলৰে উপসভাপতিয়ে ফুলৱামা কাণ্ডৰ বিষয়ে বিস্ফোৰক তথ্য ৰাজহুৱা কৰাৰ পিছতো আজিলৈ কোনো পদক্ষেপ লোৱা নহল। এইয়া কেনে ধৰণৰ ৰাষ্ট্ৰৱাদ? আজি


লোকতন্ত্ৰৰ সেনানী সকলক সন্মান দেখুওৱা হৈছে, আমি ভাল পাইছোঁ, অন্ততঃ স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ পক্ষ লোৱা দল এটাই আজি গণতান্ত্ৰিক মূল্যবোধৰ কথা কৈছে। কিন্তু আমি আৰু ভাল পালোঁ হেঁতেন যদি আজি শেহতীয়া ভাৱে ৰাষ্ট্ৰদোষত শাস্তি দিয়া কবি বৰ্ষাশ্ৰী বুঢ়াগোহাঁই তথা বিশিষ্ট বুদ্ধিজীবী ডক্তৰ হীৰেন গোহাঁই তথা বাক স্বাধীনতাত বিশ্বাসী সেই সকলো ব্যক্তি যি সকলক ৰাষ্ট্ৰদোষৰ গোচৰ জপাই দিয়া হৈছে তেওঁলোক সকলকো আজি এই অনুষ্ঠানত সন্মানিত কৰা হেঁতেন।

Leave A Reply

Your email address will not be published.