ashomiyapatrika.com

বকোৰ যমুনেশ্বৰ শিৱালয়ত ৪৮ সংখ্যক মহা শিৱৰাত্ৰি মহোৎসৱ আয়োজন

0 29

বকোঃ দেৱতাৰ ঈশ্বৰ ভগৱান শিৱৰ পূজা মহা শিৱৰাত্ৰি মহোৎসৱ বিগত বছৰৰ দৰে এই বৰ্ষও বকোৰ ঐতিহ্য মণ্ডিত যমুনেশ্বৰ শিৱালয়ত আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ ইতিহাস প্ৰসিদ্ধ দেৱ স্থান যমুনেশ্বৰ শিৱালয়ত এই বেলি ৪৮ সংখ্যক বৰ্ষৰ বাবে মহা শিৱৰাত্ৰি মেলাৰ আয়োজন কৰা হৈছে। ইফালে যমুনেশ্বৰ শিৱালয় মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কামেশ্বৰ ৰাভা, উপ সভাপতি বুদ্ধেশ্বৰ ৰাভা আৰু সাধাৰণ সম্পাদক অচ্যুত বড়ো, সহকাৰী সম্পাদক নৃপেন ৰাভাই জনোৱা মতে সম্পূৰ্ণ সনাতনি বিধি বিধানৰ ৰীতি-নীতি পালন কৰি মহাদেৱক আৰাধনা কৰা হয়। পূজাৰ দিনা লক্ষ্যাধিক

ভক্তৰ আগমণ ঘটে। যথা বিহিত ৰীতি মৰ্মে পূজাৰ কাম সম্পন্ন কৰা হয়। ইফালে শিৱালয় পৰিচালনা সমিতিৰ অন্যতম উপ সভাপতি যুগান্ত বসুমতাৰী, হৰকান্ত ৰাভা আৰু সহকাৰী সম্পাদক মজিত ৰাভা, গণপতি দাসে জনোৱা মতে মহা শিৱৰাত্ৰি উৎসৱৰ লগত সংগতি ৰাখি, নাম প্ৰসংগ, হোমযজ্ঞ, ধৰ্মীয় পৰ্বৰ উপৰিও দিহা নাম প্ৰতিযোগিতা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

Leave A Reply

Your email address will not be published.