ashomiyapatrika.com

চছলত দিবানৈশ ধৰ্মঘট অব্যাহতঃ প্ৰকল্পই প্ৰকল্পইয়ো চলি আছে অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলন

0 44

কাইলৈ চৰকাৰ আৰু সন্থাৰ মাজত হব পুনৰ আলোচনা

গুৱাহাটীঃ আই চি ডি এছ ৰক্ষা আৰু মাননি সলনি মজুৰি আদায় দিয়া অথবা মজুৰি দিব নোৱাৰা লৈকে মাননিৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীত চলি থকা অঙ্গনৱাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ ধৰ্মঘটে আজি ষষ্ঠদিন অতিক্ৰম কৰিলে। উল্লেখ যোগ্য যে যোৱা ২৬ ফেব্ৰুৱাৰীৰ প্ৰায় ১৭ সহস্ৰাধিক কৰ্মী সহায়িকাই মহা বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দিনে নিশাই বিক্ষোভ ধৰ্মঘট চলাই আছে অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই। এই আন্দোলনৰ প্ৰতি সংহতি জনাবলৈ যোৱা কালিয়ে উপস্থিত হয় চি আই টি ইউ সৰ্বভাৰতীয় সভানেত্ৰী ডাঃ কে হেমলতা। তেখেতে কাৰ্যসূচীত অংশ লৈ দিনে-নিশাই মুকলি আকাশৰ তলত

মহিলা কৰ্মচাৰী সকলক বিজেপি চৰকাৰে ধৰ্ণা বিক্ষোভ কাৰ্যসূচী কৰিবলৈ বাধ্য কৰাইছে বুলি অভিযোগ কৰে। কেন্দ্ৰ তথা অসমৰ ডাৱল ইঞ্জিন চৰকাৰে কামকৰা মহিলা কৰ্মচাৰীক উপযুক্ত মজুৰি নিব নোৱাৰে কিন্তু বছৰত দেশৰ বৃহৎ পুঁজিপতিসকলক ২০০ লাখ কোটি টকা পৰ্যন্ত বেংক ঋণ ৰেহাই দিব পাৰে। হেমলতাই জনাই যে যোৱা সময়ছোৱাত মোডী চৰকাৰে প্ৰায় ১০ লাখ কোটি টকাৰ চৰকাৰী কৰ বৃহৎ কৰ্পৰেটক ৰেহাই দিছে অথচ দেশৰ কৃষি আৰু শ্ৰমজীৱী মানুহৰ ওপৰত প্ৰতিদিনে কৰৰ বোজা জাপি দি আছে। চৰকাৰখনে দেশৰ গুৰুত্বপূৰ্ণ কামবোৰ আঁচনিভূক্ত কৰ্মচাৰীসকলৰ জৰিয়তে কৰি আছে কিন্তু তেওঁলোকক উপযুক্ত মজুৰি প্ৰদান কৰা নাই।

চৰকাৰৰ এনে অপকাৰ্যৰ বিৰুদ্ধে অসমত অঙ্গনৱাড়ী কৰ্মী সহায়িকা সকলে দিনে নিশাই অৱস্থান ধৰ্মঘট কৰি নজিৰ সৃষ্টি কৰিছে। হেমলতাই চৰকাৰে শ্ৰমিকৰ প্ৰতি কৰা এনে কাৰ্য বন্ধ কৰি তওঁলোকৰ ন্যায়সংগত দাবীবোৰ শীঘ্ৰে মানি লৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিজেপি চৰকাৰক দাবী জনায়। আজি কাৰ্যসূচীৰ পৰা সংগঠনটোৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জানিবলৈ দিয়ে যে অসমৰ বিভিন্ন সংগঠনে তেওঁলোকৰ এই ন্যায্য প্ৰাপ্যৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনায়। ইতিমধ্যে এই কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই অসম ৰাজ্যিক কৃষক সভাই অহা ৩ মাৰ্চত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰিব বুলি জনায়।

নেতৃদ্বয়ে জনায় যে ইতিমধ্যে চৰকাৰে পুনৰ ৩ মাৰ্চৰ সন্ধিয়া আলোচনালৈ আমন্ত্ৰণ জনাইছে। অৱশ্যে আলোচনা ফলপ্ৰসু নহলে আন্দোলনৰ ধাৰাবাহিকতা অব্যাহত থাকিব এই কথা স্পষ্ট কৰে সংগঠনটোৰ নেতৃদ্বয়ে। ইপিনে আজিৰ কাৰ্যসূচীত কংগ্ৰেছৰ মহিলা মৰ্চাৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বেংক এমপ্লয়িজ এছোচিয়েচনৰ নেতা দিবাকৰ বৰ্মন, অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰ সম্পাদক নিবাৰণ পাটগিৰি আৰু অসম ৰাজ্যিক আশা ইউনিয়নৰ প্ৰতিনিধি এটা দলে কাৰ্যসূচীত অংশ লয় আৰু প্ৰতিবাদকাৰী সকলক উদ্দেশি্য বক্তব্য ৰাখে। বক্তাসকলে চৰকাৰৰ মহিলা বিৰোধী নীতিক তীব্ৰ সমালোচনা কৰে। উল্লেখযোগ্য যে

আজি চি আই টি ইউৰ ৰাজ্যিক কমিটিয়ে অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ আন্দোলনৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰে আৰু অহা ৬ মাৰ্চত ৰাজ্যজুৰি সংহতি দিৱস পালন কৰাৰ আহবান দিয়ে। উক্ত দিনা অসমৰ জিলাই জিলাই চি আই টি ইউয়ে বিক্ষোভ সমাৱেশ সংগঠিত কৰিব আৰু অসমৰ মুখ্যমন্ত্ৰীক অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ দাবী মানি লবলৈ অনুৰোধ জনাব।

Leave A Reply

Your email address will not be published.