ashomiyapatrika.com

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণাঃ ডিব্ৰুগড়ত সৰ্বানন্দ সনোৱাল, গুৱাহাটীত বিজুলী কলিতা মেধি, শিলচৰত পৰিমল শুক্লবৈদ্য

0 130

১১সমষ্টিত বিজেপিয়ে কৰিব প্ৰতিদণ্ডিতা, অগপলৈ এৰিলে ২ আৰু ইউপিপিএলক ১

গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে৷ ঘোষিত তালিকা অনুসৰি ডিব্ৰুগড়ত ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক বাদ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে৷ আনহাতে কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ডিফুত অমৰ সিং টিছ’, গুৱাহাটীত মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী তথা গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ বিজুলী কলিতা মেধি, কাজিৰঙাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লখিমপুৰত প্ৰদান বৰুৱা, শোণিতপুৰত বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত,

দৰং-ওদালগুৰিত দিলীপ শইকীয়া, যোৰহাটত তপন গগৈ, নগাঁৱত সুৰেশ বৰাই প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বিপৰীতে মিত্ৰদল অসম গন পৰিষদক বৰপেটা আৰু ধুবুৰী এৰি দিয়াৰ বিপৰীতে ইউপিপিএলক কোকোৰাঝাৰ এৰি দিছে দলটোৱে৷ উল্লেখ্য যে আজি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ১৯৫খন আসনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ঘোষিত প্ৰথমখন তালিকা অনুসৰি ৩৪জন কেন্দ্ৰীয় মন্ত্ৰী আৰু দুজন প্ৰাক্তন মূখ্যমন্ত্ৰীৰ নাম আছে। আনহাতে বিজেপিৰ পৰা ৪৭গৰাকী যুৱ প্ৰাৰ্থীৰ বিপৰীতে ২৮গৰাকী মহিলা প্ৰাৰ্থী অৱতীৰ্ণ হ’ব এইবাৰৰ নিৰ্বাচনত। পৰিতাপৰ বিষয় তালিকা ঘোষণাত অসমৰ পৰা ৰামেশ্বৰ তেলী, পল্লৱ,

লোচন দাস, কুইন ওজা, ড° ৰাজদ্বীপ ৰয় আৰু হৰেন সিং ৱে’ৰ নাম বাদ পৰিছে৷ আনহাতে ১১সমষ্টিৰ ভিতৰত ৬টাতে নতুন প্ৰাৰ্থীয়ে প্ৰতিদণ্ডিতা আগবঢ়াব৷

Leave A Reply

Your email address will not be published.