ashomiyapatrika.com

দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ ‘গাঁৱলৈ যাওঁ বলক’ শীৰ্ষক অনুষ্ঠান

0 143

ক্ৰীড়াবিদ প্ৰবীন চন্দ্ৰ দাসক ‘ক্ৰীড়াশ্ৰী’ উপাধি প্ৰদান, বিশেষ সম্বৰ্ধনা

মিৰ্জাঃ দক্ষিণ কামৰূপৰ সাংবাদিক, শিল্পী-সাহিত্যিকৰ অন্যতম অনুষ্ঠান ‘দক্ষিণ কামৰূপ প্ৰেছ ক্লাব’ৰ উদ্যোগত “গাঁৱলৈ যাওঁ ব’লক’ শীৰ্ষক কাৰ্যসূচী বিভিন্ন সময়ত ৰূপায়ণ কৰি আহিছে। ইয়াৰে অংশ হিচাপে অহা ২৫ ফেব্ৰুৱাৰীত পলাশবাৰী সৰপাৰা গাঁৱৰ বাসিন্দা তথা সৰপাৰা স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি, অসমৰ বিশিষ্ট ক্রীড়াবিদ, ‌অৱসৰপ্ৰাপ্ত শিক্ষক প্রবীন চন্দ্ৰ দাসৰ বাসভৱনত অনুষ্ঠিতব্য সভাত তেখেতক বিশেষভাৱে সম্বর্ধনা জনোৱাৰ লগতে ‘ক্রীড়াশ্রী’ উপাধি প্রদান কৰা হ’ব। লগতে উক্ত সম্বর্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি ক্ৰীড়াবিদ প্রবীন চন্দ্ৰ দাসৰ জীৱনৰ ওপৰত আধাৰিত ‘প্রবীনজ্যোতি’ নামৰ এখন অভিনন্দন গ্রন্থ এখন উন্মোচন

কৰা হ’ব বুলি জানিবলৈ দিছে দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰ আৰু সম্পাদক বিশ্বজিৎ কলিতাই। উক্ত দিনা কাৰ্যসূচী অনুসৰি পুৱা ১০বজাত স্মৃতি তর্পণ, বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট ক্রীড়া সংগঠক তথা দক্ষিণ কামৰূপ ক্রীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীয়ে। ১০-৩০ বজাত বৃক্ষ ৰোপণ কৰিব দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি যাদৱ কিংকৰ শৰ্মাই। দিনৰ ১১-০০ বজাত দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰ পৌৰোহিত্যত অনুষ্ঠিত হবলগীয়া বিশেষ সম্বর্ধনা সভাখন মুকলি কৰিব কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধীৰেণ শৰ্মাই। সভাত আদৰণী ভাষণ পাঠ কৰিব দক্ষিণ কামৰূপ

প্ৰেছ ক্লাৱৰ সম্পাদক বিশ্বজিৎ কলিতাই। ইয়াৰে পিছতে প্রবীন চন্দ্ৰ দাসক সম্বর্ধনা আৰু ‘ক্রীড়াশ্ৰী’ উপাধি প্রদান কৰা হব। সভাত সন্মানীয় অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থাকিব। ইয়াৰ পিছতে অভিনন্দন গ্রন্থ ‘প্রবীনজ্যোতি’ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰিয়ে। সভাত বিশিষ্ট অতিথি হিচাপে অসম খো-খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, নিৰ্দিষ্ট বক্তা হিচাপে পলাশবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মায়াৰাম দাস, নিমন্ত্ৰিত অতিথি হিচাপে প্ৰগতিশীল সাহিত্যিক মইনা

গোস্বামী উপস্থিত থাকিব। সভাত সমজুৱাৰ হৈ ভাষণ প্ৰদান কৰিব সৰপাৰা স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি অমৃত দেৱানে। উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগ আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.