বকো ছোৱালী হাইস্কুলত শিক্ষা সংযোগ কাৰ্য্যসুচী ৰূপায়ণ
বকোঃ ৰাজ্যৰ শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত আৰু বকো ছোৱালী হাইস্কুলৰ সহযোগত অনুসুচীত জাতি-জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ বাবে শিক্ষা সংযোগ কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। বকো ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতাই জনোৱা মতে ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষাৰ উত্তোৰণ ঘটাৱলৈ আয়োজন কৰা শিক্ষা সংযোগ কাৰ্য্যসুচী এক বৰ্ণিল শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে মুঠ আঠ খন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কাৰ্য্যসুচীত সমৰ কলা, বিভিন্ন খেল ধেমালি, নৃত্য গীতৰ উপৰিও শিক্ষাৰ মান
উন্নয়নৰ ওপৰত আলোচনা চক্ৰ আয়োজন কৰা হয়। অনুস্থানত বকো ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেণ চন্দ্ৰ কলিতা, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা বিজয়া ডেকা সহ বহু শিক্ষক শিক্ষয়িত্ৰীয়ে সহযোগ আগবঢ়াই।