দৰিদ্ৰতা, নিৱনুৱা সমস্যা সমাধানৰ পৰিকল্পনা নাইঃ ডাঃ ভবেন চৌধুৰী
নির্বাচনমুখী বাজেটঃ আম আদমি পার্টী
গুৱাহাটীঃ ‘বাজেটত দৰিদ্ৰতা, অসমতা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো দূৰদৃষ্টি নাই। বৰং নির্বাচনক লৈহে দৃষ্টি নিবদ্ধ। ভোট কিনিবলৈ পোনপটীয়াকৈ বাজেটত ব্যৱস্থা লোৱা হৈছে।’- আজি বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা বাজেটখনক লৈ এই মন্তব্য কৰে আপৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। অত্যাধিক ঋণৰ বোজা, বৃহৎ ঘাটিৰে উজ্জীবিত এইবাৰৰ বাজেটে অসমৰ শংকা আৰু দুৰাকাংক্ষা দুগুণ বঢ়াই তুলিব বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। দিশাহীন এই বাজেটে পূৰ্বৰ প্রতিশ্রুতিৰ কেৱল ৫৮ শতাংশ হে পূৰণ কৰিছে আৰু নিৰ্ধাৰিত পুঁজিৰো কেৱল ৪০ শতাংশহে খৰছ কৰিবলৈ সক্ষম
হৈছে। চলিত সময়তো চৰকাৰে বিশালকায় ব্যয়ৰ আঁচনি যুগুত কৰিছে, তাত ঘাটিৰ পৰিমাণ বেছি হৈছে আৰু ৰাজ্যৰ নিজস্ব উপাৰ্জনৰ উৎস বহু পৰিমাণে কম দেখা গৈছে। ইফালে সংকটকালীন সময়তো হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে একাধিক জনবাদী শ্রুতিমধুৰ ভোটাৰক সন্তুষ্ট কৰিব পৰা ধৰণৰ দিশতেই অধিক জোৰ দিছে। কিন্তু চৰকাৰে ৰাজ্যৰ জ্বলন্ত বহুবোৰ সমস্যাৰ লগতে তড়িৎ গতিত বর্ধিত শিক্ষিত নিবনুৱাৰ সমস্যা, প্রাকৃতিক দুৰ্যোৰ সৈতে সন্মুখীন হোৱাৰ উপায়, সমকালীন জলবায়ু আৰু সুস্থ পাৰিপার্শ্বিকতা ৰক্ষাধর্মী অর্থনৈতিক ক্রীড়ানীতি, বিজ্ঞান-তথ্য- প্রযুক্তিখণ্ড -দুৰসংযোগৰ কোনো বিশেষ স্পষ্ট আভাষ এই বাজেটত
দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। তাৰোপৰি ৰাজ্য চৰকাৰে অসমৰ গৌৰৱময় বহুকেইটা ৰাজহুৱাখণ্ডৰ উদ্যোগ-প্রতিষ্ঠান, নিগম-নিকায়ৰ পুনঃপ্রাণদায়ী শক্তিৰ অর্থে একোৱেই বিশেষ কার্যসূচী বাজেটত উল্লেখই কৰিব নোৱাৰিলে। বিপৰীতে চৰকাৰখনে কগ্ন উদ্যোগবোৰৰ ক্ষেত্ৰত নীৰৱেই থাকিল আৰু একাংশ কগ্ন উদ্যোগ, ৰাজহুৱাখণ্ডৰ কাগজ কল, চাহ নিগমৰ বনুৱালৈ অনুকম্পামূলক আর্থিক- সহায়েৰেই সংকট মোচনৰ চমু পথ উদ্ভাৱন কৰাৰ অপচেষ্টা অব্যাহত ৰাখিলে আম আদমি পার্টীয়ে উল্লেখ কৰে। দলটোৱে বিজেপি চৰকাৰখনে ৰাজ্যখনক স্বাৱলম্বী কৰাৰ বিপৰীতে কেৱল নির্বাচনী চিন্ত-চৰ্চাৰে হিতাধিকাৰী সৃষ্টিৰ ওপৰত গুৰুত্ব দি আহিছে অভিযোগ উত্থাপন কৰে।