ashomiyapatrika.com

চিৰঙৰ গৰুভাষা প্ৰাথমিক শিক্ষক কেন্দ্রৰ তিনি গৰাকীকৈ অৱসৰী শিক্ষকক বিদায় সম্বৰ্দ্ধনা

0 110

কাজলগাঁওঃ চিৰাং জিলাৰ চিদলী শিক্ষা খণ্ডৰ অন্তৰ্গত গৰুভাষা প্ৰাথমিক শিক্ষক কেন্দ্রৰ অধীনৰ দুখন প্ৰাথমিক বিদ্যালয়ৰ তিনি গৰাকীকৈ অৱসৰী শিক্ষকক বিদায় দিয়াৰ উদ্দেশ্যে আজি উত্তৰ নাংদৰবাৰী লাহুটি স্থিত চম্পামতী নৈৰ নৈশৰ্গিক পৰিৱেশত পিকনিক সহ বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষক কেন্দ্রৰ সভাপতি বাবুৰাম বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাত ৩৩৩ নং বালাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক মানিক কুুমাৰ গয়াৰী, ৫১৮ নং গৰুভাষা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী চন্দ্ৰমালী বসুমতাৰী আৰু একেখন বিদ্যালয়ৰ সহকাৰী শিক্ষক মহিম বসুমতাৰীক শিক্ষক কেন্দ্ৰৰ তৰফৰ পৰা আৰ’নাই,

মানপত্র, ফুলৰ থোপা, কাপোৰ, ছাতি, ডায়েৰি, কলম আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত শিক্ষকসকল ক্ৰমে অজয় ৰাজবংশী, ইন্দ্ৰজীত গয়াৰী, ফণিতা বসুমতাৰী, ছবিলাল নিৰোলা, কণিকা অধিকাৰী, সুবোধ বসুমতাৰী, কেশব বাহাদুৰ ছেত্ৰী, কেৱল বাহাদুৰ ছেত্ৰী আদিয়ে বিদায়ী শিক্ষক- শিক্ষয়িত্ৰীসকলৰ লগত চাকৰি কালত তেওঁলোকৰ কৰ্ম অৱদান আৰু আদৰ্শৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত বিদায়ী শিক্ষক ক্ৰমে মাণিক কুমাৰ গয়াৰী, চন্দ্ৰমালী বসুমতাৰী আৰু মহিম বসুমতাৰীয়ে নিজৰ নিজৰ কৰ্ম জীৱনৰ অভিজ্ঞতা, বিভিন্ন ঘাত-প্ৰতিঘাত আৰু উপলব্ধিৰ বিষয়ে মন্তব্য ৰাখে৷ অনুষ্ঠানত গৰুভাষা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক বিদ্যালয়ৰ শতাধিক শিক্ষক- শিক্ষয়িত্ৰীয়ে অংশ গ্রহণ কৰে।

Leave A Reply

Your email address will not be published.