ashomiyapatrika.com

আধ্যাত্মিকতা আৰু সমন্বয়ৰ অপূৰ্ব মিলনস্থলীলৈ পৰিণত হৈছে মহা অম্বুবাচী মেলাঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0 73

দেশ-বিদেশৰপৰা অহা অজস্ৰ ভক্ত আৰু পৰ্যটকৰ সুবিধাৰ্থে পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰসমূহ পৰিদৰ্শন সোণোৱালৰ

গুৱাহাটীঃ মা কামাখ্যাৰ ভক্তিত সমৰ্পিত হৈ দেশ- বিদেশৰপৰা অহা অজস্ৰ ভক্ত আৰু পৰ্যটকৰ সুবিধাৰ্থে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ পাণ্ডুস্থিত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যালয় প্ৰাঙ্গণত স্থাপন কৰা শিবিৰসমূহ আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰে। তেখেতে ভক্তিপ্ৰাণ ৰাইজৰ সৈতে বাৰ্তালাপ কৰে আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে তেওঁলোকৰ বাবে ব্যৱস্থা কৰা সা-সুবিধাসমূহৰ বুজ লয়। তেওঁলোকে যাতে কোনো ক্ষেত্ৰতে একো অসুবিধা বা সা-সমস্যাৰ সন্মুখীন নহয়, তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়

সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘আধ্যাত্মিকতা আৰু সমন্বয়ৰ মহামিলনস্থলীলৈ পৰিণত হোৱা মহা অম্বুবাচী মেলাই নীলাচলৰ সেউজী বুকুত আৰু ইয়াৰ চৌদিশে অনন্য ভক্তিপূৰ্ণ পৰিৱেশৰ সূচনা কৰিছে। অম্বুবাচী মেলা আমাৰ সনাতন সভ্যতা-সংস্কৃতিৰ এক শক্তিশালী পৰিচায়ক। অম্বুবাচী মেলাক ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰি তোলাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। ভক্তিতেই আছে প্ৰকৃত শান্তি, সদ্ভাৱ। ভক্তিৰ মাজেৰে আমি এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়াত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। মা কামাখ্যাৰ কৃপাদৃষ্টি সকলোৰে

শিৰত বৰষি থাকক আৰু সমাজৰ সৰ্বত্ৰে মংগল সাধন হোৱাৰ লগতে অপায়-অমংগল নাশ হওক, তাৰেই কামনা কৰিছোঁ।’ আজিৰ এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক এ ছেলভা কুমাৰ আৰু আন বিষয়াসকল।

Leave A Reply

Your email address will not be published.