ashomiyapatrika.com

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ধিং মহাবিদ্যালয়ৰ ক্ৰীড়া সমাৰোহৰ সামৰণি

0 59

ধিংঃ উত্তৰ-পশ্চিম নগাঁৱৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়ৰ চাৰিদিনীয়া বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰে৷ আজি পুৱা মহাবিদ্যালয়ৰ ষোল্লটা বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অসমৰ জাতীয় জীৱনক সংপৃক্ত কৰা বিভিন্ন লোক সংস্কৃতিৰ পৰা ভাৰতীয় বিজ্ঞান, গণিতৰ উত্তৰণক সামৰি ভিন্ন বাৰ্তাৰ পৰিচয়েৰে এক বৰ্ণিল শোভাযাত্ৰা উলিয়ায়। ধিঙৰ সাংস্কৃতিক তথা বৌদ্ধিক ক্ষেত্ৰখনক উজ্জীৱিত কৰা শোভাযাত্ৰাটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসমৰ‌ বোলছবি জগতৰ মোহময়ী‌ অভিনেত্ৰী আশা বৰদলৈয়ে। বৃহত্তৰ ধিং অঞ্চলৰ মাজেৰে পৰিভ্ৰমণ কৰা শোভাযাত্ৰাৰ উদ্বোধন কৰি অভিনেত্ৰী গৰাকীয়ে শোভাযাত্ৰাত

অংশগ্ৰহণ কৰা ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা অধিক হোৱাত সন্তোষ প্ৰকাশ কৰে লগতে অনাগত সময়ত মহাবিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক আগবাঢ়ি যাব বুলি আশা ব্যক্ত কৰে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকাৰ ‌পৌৰহিত্যত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থকা অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা খেলো ইণ্ডিয়াৰ নৰ্থ ইষ্টৰ অধ্যক্ষ তপত কুমাৰ দাসে বৰ্তমান অসম চৰকাৰে ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবে বহু আচঁনিৰ প্ৰস্তুত কৰিছে বুলি কয় আৰু এই আচঁনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়৷ মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ

তত্বাৱধায়ক ডম্বৰু কাকতি, বিনোদ বৰা, বিমান দলে আৰু মুছলেহুল‌ ইছলামে আঁত ধৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা নগাঁও জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা ধিঙৰ বিশিষ্ট সমাজকৰ্মী মৃগাংক বৰাই ধিং মহাবিদ্যালয়ৰ পৰিয়ালে বহু দিনৰ বিৰতিৰ পাছত নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশৰ লগতে সমান্তৰালকৈ বৌদ্ধিক আৰু সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ বাবে যি পদক্ষেপ লৈছে ই জাতীয় জীৱনৰ বাবে এক শুভ‌বাৰ্তা তথা ইতিবাচক বুলি কয়৷ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° স্নিগ্ধা মহন্ত আৰু জ্যেষ্ঠ অধ্যাপক গোবিন ভড়ালী, ৰঞ্জিত বৰদলৈ, পাংকুল প্ৰতীম দলৈ, মুজাহিদুল ইছলাম, অতুল চন্দ্ৰ বড়ো, ৰূপম বৰা,

ড° নৱনীতা বৈশ্য, কংকনা শৰ্মা, অনিতা বিশ্ব শৰ্মাকে আদি কৰি অধ্যাপক অধ্যাপিকা সকলৰ লগতে প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা উক্ত মুকলি তথা বঁটা বিতৰণী সভাতেই ধিঙৰ সু-সন্তান তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ক্ৰমে সদ্যঘোষিত অসম লোক সেৱা পৰীক্ষাত ৪৮ তম স্থান লাভ কৰা বন্দিতা কাশ্যপ আৰু গণৰাজ্য দিৱসত দিল্লীত অসমৰ সাংস্কৃতিক দলত প্ৰতিনিধিত্ব কৰা দিপাশ্ৰী মেধিক বিশেষ ভাৱে সম্বৰ্ধনা জনায় মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। ইপিনে সন্ধিয়া নগাঁৱৰ অপেছাদাৰী নাট্য গোষ্ঠী নিৱেদনে জ্যোতিপ্ৰসাদ ভূঞাৰ ৰচনা আৰু পৰিচালনাত মই এটি দিনৰ জোনাকী নাটক পৰিৱেশন কৰিব বুলি অধ্যাপক ডম্বৰু কাকতিয়ে জনাইছে।

Leave A Reply

Your email address will not be published.