ashomiyapatrika.com

হাজাৰ হাজাৰ ভক্তৰে ভৰিছে নীলাচল পাহাৰঃ অম্বুবাচী মহাযোগ উপলক্ষে কামেখ্যাৰ সমান্তৰালকৈ পাণ্ডুনাথ দেৱালয় চৌহদতো ভিৰ সহস্ৰাধিকৰ

0 45

গুৱাহাটীঃ বিশ্বৰ অন্যতম শক্তিপীঠ শ্ৰীশ্ৰী মা কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ পৰা আৰম্ভ হৈছে বিশ্ব বিখ্যাত অম্বুবাচী মহাযোগ৷ এই অম্বুবাচী মহাযোগ উপলক্ষে কামাখ্যা দেৱালয় চৌহদত ইতিমধ্যেই লক্ষাধিক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে৷ আনহাতে বিগত বছৰ সমুহৰ দৰে এইবেলিও কামাখ্যা পাহাৰৰ পশ্চিম দিশৰ নামনিত থকা ঐতিহাসিক পাণ্ডুনাথ দেৱালয়তো ভীৰ কৰিছে হাজাৰ হাজাৰ ভক্তই। তাৰ ভিতৰত পাঁচ শতাধিক ভক্তই অম্বুবাচী মহাযোগ আৰম্ভ হোৱাৰ বহু পূৰ্বে ১৬ জুনৰ পৰাই পাণ্ডুনাথ দেৱালয় চৌহদত বাহৰ পাতি আছে৷ পাণ্ডুনাথ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক নিমাই চন্দ্ৰ দাসে জনিবলৈ দিয়া মতে ২২ জুনৰ পৰা দিনৰ ভাগত

পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰেল ষ্টেচনত স্থাপন কৰা শিবিৰত আশ্ৰয় লোৱা প্ৰায় তিনি হাজাৰ মান ভক্তই পাণ্ডুনাথ দেৱালয়ৰ লগতে থকা ব্ৰহ্মপুত্ৰ নদীত স্নান কৰাৰ পাছতহে কামাখ্যা মন্দিৰলৈ যাত্রা কৰিছে। ইয়াৰ উপৰিও পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি গুৱাহাটীৰ কেবাটাও ভাণ্ডাৰাই দৈনিক দিন আৰু নিশাৰ ভাগত পাণ্ডুনাথ দেৱালয়ত থকা আৰু অহা সকলোকে খাদ্যৰ যোগান ধৰি আছে৷ এই প্ৰক্ৰিয়া অহা ২৬ জুনলৈকে অব্যাহত থাকিব৷ ধৰ্মীয় পৰম্পৰা আৰু জনবিশ্বাস অনুসৰি অসমৰ দ্বিতীয় পুৰণি ঐতিহাসিক দেৱালয় হিচাপে পৰিচিত পাণ্ডুনাথ দেৱালয়ৰ লগত শক্তিপীঠ শ্ৰীশ্ৰী মা কামাখ্যা দেৱালয়ৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক । যাৰ বাবে অম্বুবাচীৰ

সময়ত কামাখ্যা দেৱালয়ৰ দৰে পাণ্ডুনাথ দেৱালয় চৌহদো ভক্তৰ ভীৰৰে মুখৰিত হৈ থাকে৷ শৰাইঘাট দলং মুকলি কৰাৰ আগলৈকে অৰ্থাৎ ১৯৬২ চনলৈ নীলাচল পাহাৰত কামাখ্যা দেৱালয়ৰ সমীপত থকা মা বগলা মন্দিৰৰ বৰদেউৰী সমাজে পৰিচালনা কৰিছিল পাণ্ডুনাথ দেৱাল়য়খন৷ মহাভাৰতত থকা বৰ্ণনা মতে পঞ্চ পাণ্ডৱৰ বাৰ বছৰৰ অজ্ঞাত বাসৰ সময়ত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ পাণ্ডুনাথত প্ৰায় এটা বছৰ আশ্ৰয় লৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ নামেৰে পাণ্ডুনাথ দেৱালয় হয় বুলি জনবিশ্বাস চলি আহিছে৷

Leave A Reply

Your email address will not be published.