ashomiyapatrika.com

গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

0 43

মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হিচাপে পৰিগণিত হ’ব অসমঃ মোদীৰ গেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ একাধিকৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। গুৱাহাটীৰ মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰকল্পউল্লেখযোগ্য। এই উপলক্ষে মহানগৰীৰ খানাপাৰাত আয়োজিত সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ আশীৰ্বাদত ১১,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে অসমত উপস্থিত থাকিবলৈ পাই কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে

অসমৰ সংযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি কৰিব আৰু ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কালি সন্ধিয়া উপস্থিত হোৱাৰ সময়ত গুৱাহাটীবাসীয়ে জনোৱা উষ্ম আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শেহতীয়াকৈ একাধিক তীৰ্থস্থান ভ্ৰমণৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ সন্মুখত উপস্থিত হৈ মা কামাখ্যা দিব্য লোক

পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰকল্পটোৰ ধাৰণা আৰু পৰিসৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পাছত ভক্তসকলৰ বাবে সুগম আৰু আৰামদায়ক যাত্ৰাৰ লগতে খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হ’ব। ‘মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰাল ভাৱে অসম উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হৈ পৰিব’ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই প্ৰচেষ্টাৱলীৰ বাবে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে৷ ভাৰতীয় তীৰ্থস্থান আৰু মন্দিৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই স্থানসমূহে হাজাৰ

হাজাৰ বছৰ ধৰি আমাৰ সভ্যতাৰ এক অবিস্মৰণীয় প্ৰতীক, যিয়ে ভাৰতে সন্মুখীন হোৱা প্ৰতিটো সংকটৰ প্ৰতি কেনেদৰে ধৰি ৰাখিছে তাক প্ৰদৰ্শন কৰে। আগতে যিবোৰ সভ্যতাক সমৃদ্ধিশালী বুলি গণ্য কৰা হৈছিল, সেইবোৰ সভ্যতা এতিয়া কেনেকৈ ধ্বংসস্তূপত পৰিণত হৈছে, সেয়া আমি প্ৰত্যক্ষ কৰিছো। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক লাভালাভৰ বাবে নিজৰ সংস্কৃতি আৰু পৰিচয়ক লৈ লাজ পোৱাৰ ধাৰা আৰম্ভ কৰা আৰু ভাৰতৰ পবিত্ৰ স্থানৰ গুৰুত্ব বুজিব নোৱাৰাৰ বাবে স্বাধীনতাৰ পাছৰ চৰকাৰ সমূহৰ প্ৰতি দুখ প্ৰকাশ কৰে। তেওঁ কয় যে বিগত ১০ বছৰত ‘বিকাশ’ (উন্নয়ন) আৰু ‘বিৰাচত’ (ঐতিহ্য) দুয়োটাকে কেন্দ্ৰ কৰি নীতিৰ সহায়ত শুধৰোৱা হৈছে।

অসমৰ জনসাধাৰণৰ বাবে এই নীতি সমূহৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ ঐতিহাসিক আৰু আধ্যাত্মিক স্থান সমূহক আধুনিক সা-সুবিধাৰ সৈতে সংযোগ কৰাৰ  ওপৰত গুৰুত্ব আৰোপ কৰে, যিটো এই স্থানসমূহ সংৰক্ষণ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এক পদক্ষেপ। আইআইটি আৰু আইআইএমৰ দৰে বিশিষ্ট শিক্ষানুষ্ঠানৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে আগতে এইবোৰ কেৱল ডাঙৰ চহৰতহে স্থাপন কৰা হৈছিল। কিন্তু এতিয়া আই আই টি, আই আই এম আৰু এআইআইএমৰ এটা নেটৱৰ্ক দেশজুৰি সম্প্ৰসাৰিত হৈছে আৰু আগতে অসমত ৬খন চিকিৎসা মহাবিদ্যালয়ৰ পৰা

এতিয়া এই সংখ্যা ১২খনলৈ বৃদ্ধি পাইছে। তেওঁ লগতে দৃঢ়তাৰে কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমে ক্ৰমান্বয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। ‘বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে জীৱন-যাপন সহজ কৰি তোলা’, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মোদীয়ে দৰিদ্ৰ লোকৰ বাবে ৪ কোটি পকী ঘৰ নিৰ্মাণ, টেপৰ পানী সংযোগ, বিদ্যুৎ, উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সংযোগ আৰু স্বচ্ছ ভাৰতৰ অধীনত শৌচাগাৰ নিৰ্মাণ কৰা বুলি। প্ৰধানমন্ত্ৰী মোদীয়ে ঐতিহ্যৰ লগতে উন্নয়নৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়াটোৱে ভাৰতৰ যুৱক-যুৱতী সকলক ব্যাপকভাৱে উপকৃত কৰিছে বুলি উল্লেখ কৰে৷ দেশত পৰ্যটন আৰু

তীৰ্থযাত্ৰাৰ প্ৰতি ক্ৰমবৰ্ধমান উৎসাহ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কাশী কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত বাৰাণসীত ভক্তৰ অভিলেখ সৃষ্টি কৰাৰ বিষয়ে অৱগত কৰে। তেওঁজনায়, ‘যোৱা এবছৰত ৮.৫০ কোটি লোকে কাশী ভ্ৰমণ কৰিছে, ৫ কোটিতকৈ অধিক লোকে উজ্জয়িনীৰ মহাকাল লোক ভ্ৰমণ কৰিছেআৰু ১৯ লাখতকৈ অধিক ভক্তই কেদাৰধাম ভ্ৰমণ কৰিছে’৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত বিগত ১২ দিনত অযোধ্যাত ২৪ লাখৰো অধিক লোকে দৰ্শন কৰিছে৷ তেওঁ পুনৰ কয় যে মা কামাখ্যা দিব্য লোক পৰিযোজন সম্পূর্ণ হোৱাৰ পাছত ইয়াতো একেধৰণৰ দৃশ্য পৰিলক্ষিত হ’ব৷ তীৰ্থযাত্ৰী আৰু

ভক্তৰ আগমনৰ লগে লগে ৰিক্সা চালক, টেক্সি চালক, হোটেলৰ মালিক বা পদপথৰ বিক্ৰেতাৰ লগতে দৰিদ্ৰ লোকসকলৰ জীৱিকা উত্থান হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ বাজেটত চৰকাৰে পৰ্যটনৰ ওপৰত গুৰুত্ব দিছে। উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সন্মুখত থকা অসংখ্য সুযোগৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ঐতিহাসিক গুৰুত্ব থকা স্থানসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে’৷ সেয়েহে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটকৰ অভিলেখ

সংখ্যক পৰ্যটকৰ আগমনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে অঞ্চলটোৰ সৌন্দৰ্য্যশালী আছিল যদিও হিংসা আৰু সম্পদৰ প্ৰতি পূৰ্বৰ চৰকাৰসমূহে দেখুওৱা অৱহেলাৰ বাবে পৰ্যটকৰ সংখ্যা অত্যন্ত কম হৈয়েই আছিল৷ অঞ্চলটোৰ বিমান, ৰে’ল আৰু পথ সংযোগৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে পূৰ্বতে এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰিবলৈ কেইবাঘণ্টাৰ প্ৰয়োজন হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য পৰ্যায়ৰ ডাবল ইঞ্জিন চৰকাৰক কৃতিত্ব দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে চৰকাৰে অঞ্চলটোৰ উন্নয়নমূলক ব্যয় ৪ গুণ বৃদ্ধি কৰিছে। ২০১৪ চনৰ আগৰ

আৰু পিছৰ অৱস্থাৰ কথা তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময় ছোৱাত ৰে’লপথ স্থাপনৰ দৈৰ্ঘ্য ১,৯০০ কিলোমিটাৰতকৈ অধিক বৃদ্ধি কৰা হৈছে, ৰে’ল বাজেট প্ৰায় ৪০০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু ২০১৪ চনলৈকে ১০,০০০ কিলোমিটাৰৰ বিপৰীতে যোৱা ১০ বছৰত ৬,০০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ইটানগৰৰ সৈতে সংযোগ শক্তিশালী হ’ব। ‘মোদীৰ গেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী”, দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু কৃষকক মৌলিক সা-সুবিধাৰ নিশ্চয়তা দিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ বিকশিত ভাৰত সংকল্প যাত্ৰা

আৰু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকসকলৰ ওচৰলৈ সুবিধা সমূহ লৈ যোৱাৰ দায়িত্ব দিয়া ‘মোদীৰ গেৰাণ্টী বাহন’ৰ কথা উল্লেখ কৰে। ‘বিকশিত ভাৰত সংকল্প যাত্ৰাত দেশজুৰি প্ৰায় ২০ কোটি লোকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে। অসমৰ বহু সংখ্যক লোকেও ইয়াৰ সুবিধা পাইছে”, তেওঁ লগতে কয়। কেন্দ্ৰৰ দৃষ্টিভংগীৰ অংশীদাৰ হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকৰ সহজ- সৰলজীৱন-যাপন কৰাৰ কথা দৃঢ়তাৰে উল্লেখ কৰি তেওঁ দাবী কৰে যে এই বছৰৰ বাজেট ঘোষণাতো তেওঁ দিয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। এইবাৰ চৰকাৰে আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ তেওঁ লগতে কয় যে আন্তঃগাঁথনিৰ বাবে

এই ধৰণৰ ব্যয়ে অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰে আৰু উন্নয়নক গতি প্ৰদান কৰে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে ২০১৪ চনৰ আগৰ বিগত ১০ বছৰত অসমৰ বাবে মুঠ আন্তঃগাঁথনি বাজেট ১২ লাখ কোটি টকা আছিল।প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত প্ৰতিটো ঘৰলৈ বিদ্যুৎ যোগানৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথা পুনৰদোঁহাৰে৷ তেওঁ ছাদৰ ওপৰত সৌৰ আঁচনি আৰম্ভ কৰাৰ লগে লগে এইবাৰৰ বাজেটত বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে য’ত চৰকাৰে এক কোটি পৰিয়ালক সৌৰ ছাদ স্থাপনৰ বাবে সহায় কৰিব। ‘ইয়াৰ লগে লগে তেওঁলোকৰ বিদ্যুতৰ বিলো শূন্য হ’ব আৰু সাধাৰণ পৰিয়ালে ঘৰতে বিদ্যুৎ উৎপাদন কৰি

উপাৰ্জন কৰিবলৈ সক্ষম হ’ব’, তেওঁ লগতে কয়। দেশত ২ কোটি লাখপতি দিদি গঢ় দিয়াৰ নিশ্চয়তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে যোৱা বছৰ এই সংখ্যা ১ কোটি হৈছিল আৰু এতিয়া এইবাৰৰ বাজেটত ৩ কোটি লাখপতি দিদীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমৰ লাখ লাখ মহিলাও ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলিও তেওঁ কয়। তেওঁ আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত সকলো মহিলাৰ বাবে নতুন সুযোগ আৰু অংগনৱাড়ী আৰু আশা কৰ্মীসকলক আয়ুষ্মান আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও উনুকিয়ায়৷ ‘মোদীৰ সংকল্প এই যে দিনে-নিশাই কাম কৰি তেওঁ দিয়া নিশ্চয়তা পূৰণ কৰিব’, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ

মোদীৰ গেৰাণ্টীৰ ওপৰত বিশ্বাস আছে। তেওঁ অসমৰ এসময়ত অশান্তজৰ্জৰ আৰু হিংসাত্মক ৰূপ ধাৰণ কৰা অঞ্চলসমূহত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যসমূহৰ মাজত সীমা বিবাদৰ সমাধানৰ কথা উল্লেখ কৰে। ‘এই অঞ্চলটোত ১০খনতকৈও অধিক বৃহৎ শান্তি চুক্তি স্বাক্ষৰিত হৈছে’, বুলি অৱগত কৰি তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ পথ বাছি লৈছে। তেওঁ লগতে কয় যে ইয়াৰ ভিতৰত অসমৰ ৭ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি দেশৰ উন্নয়নত কান্ধত কান্ধ মিলাই থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। বহু জিলাত আফস্পা প্ৰত্যাহাৰৰ ওপৰত আলোকপাত

কৰি তেওঁ কয় যে যিবোৰ অঞ্চল হিংসাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, সেইবোৰ অঞ্চল চৰকাৰৰ সহযোগত ৰাইজৰ আকাংক্ষা অনুসৰি আজি উন্নয়ন সাধনকৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে লক্ষ্য স্থাপনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি পূৰ্বৰ চৰকাৰ সমূহৰ উদ্দেশ্যৰ অভাৱ আৰু কঠোৰ পৰিশ্ৰম কৰাত ব্যৰ্থ হোৱা বুলি দৃঢ়তাৰে কয়। উত্তৰ-পূব এছিয়াৰ দৰেই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ঘটি উত্তৰ আৰু পূব এছিয়াত সংযোগ সম্প্ৰসাৰিত হোৱাৰ সুবিধা হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে। দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতাৰ অধীনত ৰাজ্যখনৰ অসংখ্য পথ উন্নীতকৰণৰ বাবে উত্তৰ- পূৰ্বাঞ্চলক বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ’ব। এই

সপোনক বাস্তৱত পৰিণত কৰাৰ দৃঢ়তা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে পূব এছিয়াৰ দৰে নিজৰ অঞ্চলৰ উন্নয়ন সাক্ষী হোৱাৰ আকাংক্ষাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইয়াৰ নাগৰিকসকলৰ বাবে সুখী আৰু সমৃদ্ধিশালী জীৱনৰ লক্ষ্যই আজি চলি থকা সকলো উন্নয়নমূলক কামৰ আঁৰৰ মূল কাৰণ। ‘আমাৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলা। আমাৰলক্ষ্য হৈছে ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলা’, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম ভূমিকাৰ কথাদোঁহাৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰসামৰণি মাৰে। এই

উপলক্ষে অনুষ্ঠিত সভাত অসমৰ ৰাজ্যপাল গুলাব চন্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম গন পৰিষদৰ সভাপতি অতুল বৰা, ইপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.