জন্মদিনত মুখ্যমন্ত্ৰীৰ দীৰ্ঘজীৱন কামনাঃ দেউছতালত আগতীয়াকৈ বৰো ধানৰ খেতি আৰম্ভ কৰিলে বিজেপিৰ কাৰ্যকৰ্তা, কৃষক বলেশ্বৰ ৰংপীয়ে
গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৫৪ টা বসন্ত অতিক্ৰম কৰি ৫৫ টা বৰ্ষত ভৰি দিলে। সেই উপলক্ষে মূখ্যমন্ত্ৰীৰ বহু অনুগামীয়ে ৩১ জানুৱাৰীৰ দিনা মাজনিশা ঘড়ীৰ কাটাই বাৰ বজা পাৰ হোৱাৰ পাছতেই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে দিছপুৰত চৰকাৰী বাসভৱনত ভীৰ কৰা পৰিলক্ষিত হয়। ইফালে জালুকবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী গৰাকীৰ দীৰ্ঘজীৱন কামনা কৰি নাম – প্ৰসংগ, বন্তি প্ৰজ্বলন আদি কাৰ্য্যসূচী পালন কৰা হয়। তেনেদৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আজাৰা ৰাজহ চক্ৰ আৰু জালুকবাৰী মৌজাৰ বিভিন্ন প্ৰান্ততো মুখ্যমন্ত্ৰীৰ অনুগামী সকলৰ উদ্যোগত জন্মদিন পালন কৰা হয়।
ইয়াৰ ভিতৰত বিজেপিৰ গুৱাহাটী বিমানকোঠ মণ্ডল কমিটিৰ ধনভৰালী আৰু উদ্যমী কৃষক বলেশ্বৰ ৰংপীয়ে মুখ্যমন্ত্ৰীৰ দীৰ্ঘজীৱন কামনা কৰি বিগত বৰ্ষৰ তুলনাত প্ৰায় দুই সপ্তাহ আগতীয়াকৈ বৰো ধানৰ খেতি আৰম্ভ কৰিছে। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত পতিত আৰু বহুদিন খেতি বাতি তথা কৃষিকৰ্ম নকৰা মাটিত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ আৰম্ভ কৰিছিল বলেশ্বৰ ৰংপীয়ে। কিন্তু এইবেলি তেওঁলোকৰ অঞ্চল মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰীত অন্তৰ্ভুক্ত হোৱাত বিজেপিৰ কাৰ্যকৰ্তা সকলৰ মাজত উৎসাহ – উদ্দীপনা
বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেই উৎসাহৰ মাজতেই দেউছতালৰ নিজ ঘৰৰ সমীপত থকা গড়চুক – ৰাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা- কামাখ্যা সংযোগী ৰেলপথৰ মাজত থকা প্ৰায় পাঁচ বিঘা ম্যাদি পট্টাৰ মাটিত বিগত বৰ্ষৰ তুলনাত মূখ্যমন্ত্ৰীৰ দীৰ্ঘজীৱন কামনা কৰি দুই সপ্তাহ আগতীয়াকৈ বৰো ধানৰ খেতি আৰম্ভ কৰা বুলি সদৰি কৰিছে বলেশ্বৰ ৰংপী আৰু তেঁওৰ সহধৰ্মিনী তথা বিজেপি নেত্ৰী, আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। অৱশ্যে এইক্ষেত্ৰত বিগত দেৱালীৰ পাছৰে পৰা বৰো ধানৰ খেতিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছিল৷ বিগত বৰ্ষৰ দৰে এইবেলিও অক্টোবৰ মাহৰ শেষৰ ফালে গুৱাহাটীৰ ভৰলুমুখত থকা অসম চৰকাৰৰ কৃষি বিভাগৰ
অনুমোদিত এখন বিপনীৰ পৰা প্ৰায় ২,৪০০ টকাৰে ছয় কেজি উন্নত মানৰ বৰো ধানৰ বীজ আনি শালি ধানৰ খেতিৰ দৰে তাৰো কঠীয়া সিচিছিল। মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে প্ৰায় দুই সপ্তাহ আগতীয়াকৈ আজি কেবাজনো অভিজ্ঞ ৰোৱনীক লগত লৈ বলেশ্বৰ ৰংপী আৰু কবিতা বড়ো ৰংপীয়ে বৰো ধানৰ কঠীয়া ৰোপন কৰে। এই পৰ্ব প্ৰায় পাঁচদিন মান ধৰি চলিব৷ ইফালে ৰংপীয়ে সদৰি কৰা অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ আহ্বানৰ প্ৰতি সহাৰি জনাই তেওঁ নিজকে আন আন কামৰ দৰে শালি আৰু বৰো ধানৰ খেতিত নিজকে নিয়োজিত কৰি আহিছে৷ উল্লেখযোগ্য যে কৃষি কৰ্মৰ লগত জড়িত আগ্ৰহী
ব্যক্তি হোৱা বাবে বলেশ্বৰ ৰংপীয়ে বিজেপিৰ দলীয় কাম কাজত সক্ৰিয়ভাৱে জড়িত থকাৰ উপৰিও কৃষি কৰ্মত নিয়োজিত হৈ পশ্চিম গুৱাহাটীৰ কিছু আওহতীয়া অঞ্চলত বহু নিবনুৱা যুৱকক বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱাৰ বাবে মাৰ্গ দৰ্শন দি আহিছে। ইয়াৰ বাবে পশ্চিম গুৱাহাটীৰ বিভিন্ন দল – সংগঠনে তেওঁক মাজে সময়ে ৰাজহুৱাভাবে সম্বৰ্দ্ধনা জনাই অহা পৰিলক্ষিত হৈছে।