ashomiyapatrika.com

আই অ’ চি গ্ল’বেল কেপিটেল মেনেজমেণ্ট আই এফ এছ চি লিমিটেডৰ গিফ্ট চিটিত লেনদেনৰ শুভাৰম্ভ

0 42

কাজলগাঁওঃ ইণ্ডিয়ান অইলৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী আই অ’ চি গ্ল’বেল কেপিটেল মেনেজমেণ্ট আই এফ এছ চি লিমিটেড (আই জি চি এম আই এল)ৰ যোৱা ৩০ জানুৱাৰীত গান্ধীনগৰৰ জি আই এফ টি চিটিত প্ৰথমটো লেনদেন কৰা হয়। এই কথা এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰি কৰিছে আই অ’ চি এলৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক ( মানৱ সম্পদ) সুবিমল মণ্ডলে।ইণ্ডিয়ান অইলৰ বৰ্তমানৰ ই চি বি (বাহ্যিক বাণিজ্যিক ঋণ) ঋণৰ পুনৰ বিত্তীয় সাহায্যৰ বাবে ডি বি এছ বেংক ছিংগাপুৰৰ পৰা ১০ কোটি মাৰ্কিন ডলাৰৰ ঋণ সংগ্ৰহৰ লেনদেনৰ টাৰ্ম শ্বীটত স্বাক্ষৰ কৰে সঞ্চালক (আই জি চি এম আই এল) ৰুচিৰ আগৰৱালা আৰু ডি বি এছ

বেংকৰ জ্যেষ্ঠ উপ-সভাপতি বিকাশ ওম সাহাই৷ এই লেনদেন আই এফ এছ চি জি আই এফ টি চিটিয়ে ভাৰতলৈ বিদেশী পুঁজি অনা আৰু ভাৰতীয় বেংকিং উদ্যোগৰ বেণ্ড উইডথ মুকলি কৰাৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ।জি আই এফ টি চিটিৰ অধ্যক্ষ ড° হাছমুখ আধিয়া, ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱ বৈদ্য, ইণ্ডিয়ান অইলৰ সঞ্চালক (বিত্ত) সঞ্জয় কৌশলকে ধৰি ইণ্ডিয়ান অইলৰ ব্যৱস্থাপনাৰ জ্যেষ্ঠ সদস্যসকল উক্ত অনুষ্ঠানত উপস্থিত আছিল। এই মাইলৰ খুঁটিৰ কৃতিত্বক প্ৰশংসা কৰি ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱ বৈদ্যই কয় – নবীকৰণযোগ্য প্ৰকল্পকে ধৰি ইণ্ডিয়ান অইলৰ বিস্তৃত মূলধনী ব্যয় পৰিকল্পনাৰ বাবে বিদেশী বিনিয়োগ

আকৰ্ষণ কৰাৰ বাবে আই জি চি এম আই এলে এক মঞ্চ প্ৰদান কৰিব। ইণ্ডিয়ান অইলৰ সহযোগী কোম্পানী স্থাপনৰ পদক্ষেপক দূৰদৰ্শী ধাৰণা বুলি অভিহিত কৰি ড° আধিয়াই কয় কোম্পানীসমূহৰ বাবে বিশ্বব্যাপী বজাৰৰ পৰা বিত্তীয় উৎস বিচাৰি উলিওৱাৰ সুবিধাৰ বাবে জি আই এফ টি চহৰতকৈ উন্নত বিত্তীয় পৰিৱেশ ব্যৱস্থা থাকিব নোৱাৰে। আই জি চি এম আই এলৰ ব্লুপ্ৰিণ্ট শ্বেয়াৰ কৰি অনুজ জৈনে কয়, জি আই এফ টি চিটিয়ে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্য্যকলাপৰ বাবে এক অনন্য পৰিৱেশ তন্ত্ৰ উপস্থাপন কৰে। বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে,আগলৈ ইণ্ডিয়ান অইলে এক অভিলাষী যাত্ৰাত নামিব।

আই জি চি এম আই এলে বহনক্ষম আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে উদ্ভাৱনীমূলক বিত্তীয় সমাধানৰ অগ্ৰণী এই যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

Leave A Reply

Your email address will not be published.