বকোৰ জামবাৰীত চৰকাৰৰ স্মাৰ্ট পুলিচৰ গুণ্ডাগিৰিঃ হিন্দী চিনেমাৰ কায়দাৰে হত্যা আচামীক
বকোঃ অসম আৰক্ষীৰ স্মাৰ্ট পুলিচৰ গুণ্ডাগিৰিৰ প্ৰকোপত হিন্দী চিনেমাৰ কায়দাৰে এগৰাকী নিৰিহৰ প্ৰাণ বায়ু উৰি যোৱা ঘটনাই বকোত উত্তেজনা বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ জামবাৰী আৰক্ষী পহৰা চকীত এক অথন্তৰ ঘটি এজনৰ মৃত্যু ঘটে। প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষীৰ জিম্মাত মৃত্যুক সাৱতি ল’লে দুৰ্ভগীয়া মহানন্দ কলিতা নামৰ লোকে। উক্ত ঘটনাক লৈ আৰক্ষী আৰু জনসাধাৰণৰ মাজত অভিযোগ প্ৰতিঅভিযোগ সৃষ্টি হৈছে জামবাৰীত। ইফালে জনসাধৰণৰ মতে আৰক্ষী পহৰা চকীত কৰ্মৰত কনিষ্টবল চন্দন শৰ্মা আৰু গৃহৰক্ষী জোৱান শশীন্দ্ৰ দাসে দুপৰীয়াৰ ভাগত বৰ বেয়াকৈ
মাৰধৰ কৰিছিল মহানন্দ কলিতাক।আনহাতে আৰক্ষীৰ মতে দুৰ্ভগীয়া মহানন্দ কলিতাক পাব্লিকেহে মাৰধৰ কৰি গতাই দিছিল আৰক্ষীক। প্ৰকাশ্য যে ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ মতে বিষয়া গৰাকী আৰক্ষীৰ পহৰা চকীত উপস্থিত হোৱা সময়ত ব্যক্তিজন থানাৰ ল’ক আপত ওলমি থকা অৱস্থাত দেখিছিল। কিন্তু কিহেৰে ওলমি আছিল বুলি সোধাত সাংবাদিকক সঠিক উত্তৰ দিব নোৱাৰিলে মেজিষ্ট্ৰেট গৰাকীয়ে। এতিয়া প্ৰশ্ন হ’ল যে কিবা ডাঙৰ ৰহস্য আছে নেকি এই ঘটনাৰ অন্তৰালত ? এই ক্ষেত্ৰত মৃতকৰ আত্মীয়ই কৈছে যে জামবাৰী আৰক্ষীয়ে আচামি জনক মোকোলাই দিয়াৰ বাবে বিচাৰিছিল মুঠ ৫০ হাজাৰ টকা। ইফালে পৰিয়ালৰ লোকে টকা দিব
আহোতেহে গম পায় যে তেওঁলোকৰ ভাতৃৰ মৃত্যু হৈছে। এই লৈ পৰিয়ালৰ লোকে সাদৰি কৰে যে মহানন্দ কলিতাক এক প্ৰকাৰৰ হত্যা কৰা হৈছে। ইফালে স্থানীয় লোকেও সাংবাদিকক জনায় যে এয়া পৰিকল্পিত হত্যা। এতিয়া প্ৰশ্ন হ’ল মিছা কোনে মাতিছে ? পৰিয়ালৰ লোকে নে জনসাধৰণে নে আৰক্ষী প্ৰসাশনে ? এই ক্ষেত্ৰত মানৱ অধিকাৰ নোহোৱা হ’ল নেকি এইখন অসমত ? নে জোনমণিৰ হত্যাৰ দৰে নুমাই যাব নেকি এই ঘটনাৰ উচিত তদন্তও। আজিও বকোত এই ঘটনাৰ উত্তেজনাই বিৰাজ কৰি আছে।