উন্নয়নৰ বতৰা লৈ ৩ফেব্ৰুৱাৰীত দুদিনৰ বাবে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
গুৱাহাটীঃ প্রধানমন্ত্রী নবেন্দ্র মোদীৰ নেতৃত্বত ২০১৪ চনত কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ পিছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সর্বাংগীন উন্নয়ৰ হোৱাৰ লগতে অঞ্চলটোৱে ৰাষ্ট্রীয় পর্যায়তো যথেষ্ট গুৰুত্ব লাভ কৰিছে। বিজেপিৰ নেতৃত্বত এন ডি এ চৰকাৰখন গঠন হোৱাৰ পিছৰে পূৰ্বৰ কংগ্রেছৰ দিনত এলাগী হৈ থকা উত্তৰ-পূৰ্বাঞ্চললৈ প্রধানমন্ত্রীকে আদি কৰি কেইবাজনো কেন্দ্রীয় মন্ত্রী উন্নয়নৰ বতৰা লৈ সঘনাই অহা পৰিলক্ষিত হৈছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মুখপাত্র কিশোৰ উপাধ্যায়ে এই কথা সদৰী কৰি কয়, নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা সদিচ্ছাৰ বাবে অসমে আজি ১১২০ কোটি টকা ব্যয়
সাপেক্ষে প্রথমখন এইমছ লাভ কৰিছে, মেঘালয়ে প্রথমবাৰৰ বাবে বৈদ্যুতিক ৰে’ল লাভ কৰিছে। ১৯৬৩ চনৰ পিছত নাগালেণ্ডে প্রথমখন চিকিৎসা মহাবিদ্যালয় লাভ কৰিছে, বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে গুৱাহাটী আৰু পশ্চিম বংগক সংযোগ কৰিছে, ১৯,৮৫৫ কোটি টকা খৰছেৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন বাজ্যক সংযোগ কৰিবলৈ নতুন ৰে’ল পথ আৰু ইতিমধ্যে থকা ৰে’ল পথ সমূহক দ্বৈতকৰণ কৰা হৈছে। অসমৰ ৩২ টা ৰে’লৱে ষ্টেশ্যেনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৩৫ টা ৰে’লৱে ষ্টেশ্যেনক অমৃত ভাৰত আঁচনিৰ অধীনত বিশ্ব মানৰ কৰি তুলিবলৈ ব্যৱস্থা গ্রহণ কৰা হৈছে। যাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ যাত্রীয়ে অত্যাধুনিক সা-সুবিধাযুক্ত ৰে’লপথ লাভ
কৰিবলৈ সক্ষম হৈছে। টেলি সংযোগৰ উন্নয়নৰ বাবে বিগত নটা বছৰত ৩,৪৬৪ কোটি টকা খৰছ কৰা হৈছে। অঞ্চলটোৰ উগ্রপন্থী সংগঠন সমূহৰ লগত আলাপ আলোচনাৰ জৰিয়তে শান্তি স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে। ২০১৫ চনত এন এছ চি এন (আই এম)ৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ নগা অধ্যুষিত এলেকাত শান্তি স্থাপন কৰিব পৰা গৈছে। ত্ৰিপুৰাত এন এল এফ টিৰ লগত ২০১৯ চনত শান্তিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে, যাৰ জৰিয়তে ত্ৰিপুৰাত চলি অহা বহুদিনীয়া হিংসাৰ অৱসান ঘটিছে। ২০২০ চনত ব্রু সকলক সংস্থাপনৰ বাবে ব্যৱস্থা কৰা হৈছে, যাৰ জৰিয়তে মিজোৰামত শান্তি স্থাপন কৰা
হৈছে। কাৰ্বি আংলঙৰ কাৰ্বি উগ্রপন্থী আৰু ডিমা হাচাও উগ্রপন্থী সংগঠনৰ লগত আলোচনা কৰি দুয়োখন জিলাতে চলি অহা সন্ত্রাসবাদ নির্মূল কৰা হ’ল। বি টি এডিত এন ডি এফ বিৰ চাৰিওটা গোটৰ লগত আলোচনা কৰি বি টি আৰ চুক্তিৰ জৰিয়তে বড়ো ভূমিত স্থায়ী শান্তি প্রতিষ্ঠা কৰা হ’ল। আদিবাসী সকলৰ পাঁচোটা উগ্রপন্থী সংগঠনৰ লগত চুক্তি স্বাক্ষৰ জৰিয়তে স্থায়ী শান্তি স্থাপনত নৰেন্দ্ৰ মোদী চৰকাৰে সফলতা লাভ কৰিছে। প্রধানমন্ত্রী গৰাকীয়ে উন্নয়নৰ বতৰা লৈ পুনৰাই অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব বুলি মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰি কয়, বিশ্বৰ জনপ্রিয় নেতা গৰাকীক
উষ্ম আদৰণি জনাবলৈ প্ৰতিজন অসমীয়াই সাজু। প্রধানমন্ত্রী গৰাকীৰ আগন্তুক অসম ভ্ৰমণৰ বাবে চৰকাৰৰ লগতে দলৰ তৰফৰ পৰাও ইতিমধ্যে কার্যসূচী গ্রহণ কৰিছে বুলি মুখপাত্ৰ গৰাকীয়ে সদৰী কৰিছে।