একোটা সামাজিক অনুষ্ঠানে সমাজৰ উত্তৰণত প্ৰভূত বৰঙণি যোগায়ঃ সাংস্কৃতিক মন্ত্রী বিমল বড়া
ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ শতবর্ষ অনুষ্ঠান
গুৱাহাটীঃ নলবাৰী জিলাৰ সাহপুৰ ৰাজঘাটৰ ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ শতবার্ষিকী মহোৎসৱৰ আজিৰ অন্তিম দিনৰ কাৰ্যসূচীত ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়া আৰু বন মন্ত্রী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰে। যোৱা ২৮জানুৱাৰীৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত জ্ঞানদায়িনী নাট্য সমাজৰ শতবার্ষিকী মহোৎসৱৰ আজিৰ মুকলি সভাত অংশগ্রহণ কৰি সাংস্কৃতিক মন্ত্রী বিমল বড়াই কয়- ‘একোটা সামাজিক অনুষ্ঠানে সমাজ এখনৰ উত্তৰণত প্ৰভূত বৰঙণি যোগায়। আৰু তেনে এক অনুষ্ঠান হৈছে ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজ। ১৯১৯চনত প্ৰতিষ্ঠা লাভ কৰা সময়ৰ লেখেৰে
১০৫ বছৰ অতিক্ৰম কৰা নাট্য সমাজে কেৱল নলবাৰী জিলাৰ এই অঞ্চলটিকে নহয় সমগ্ৰ ৰাজ্য খনৰে নাট্য আন্দোলনক সৱল কৰিলে বুলি উল্লেখ কৰি মন্ত্রী বড়াই এনে ধৰণৰ অনুষ্ঠান সমগ্ৰ ৰাজ্য খনত আঙুলিমূৰত গণিত পৰাকৈ কেইটামানেহে আছে বুলিও কয়। সংস্কৃতিয়ে সমাজ এখনক একত্ৰিত কৰি ৰাখে বুলি মন্তব্য কৰি ই সমাজ খনৰ আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰে বুলিও মন্তব্য কৰে বুলিও মন্ত্রী বড়াই ভাষণত উল্লেখ কৰে। পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সাংস্কৃতিক নৱজাগৰণৰ জৰিয়তে অসমৰ সমাজ জীৱনক একত্ৰিত কৰাৰ কথা উনুকীয়াই যাৰ বলতে বিশ্বৰ বুকুত এক শক্তিশালী জাতি হিচাপে পৰিচয় দিবলৈ আমি আজি
সক্ষম হৈছো বুলি কৈ সাংস্কৃতিক চৰ্চাইহে জাতীয় জীৱন সমৃদ্ধ কৰি ৰাখিব বুলিও তেও মন্তব্য কৰে। ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ ভালেসংখ্যক পুৰোধা ব্যক্তি আৰু কৰ্মকৰ্তাৰ উপস্হিত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মন্ত্রী তথা স্হানীয় বিধায়ক চন্দ্র মোহন পাটোৱাৰীয়ে অনুষ্ঠানটোৰ সুদীর্ঘ দিনৰ কামকাজৰ আলোকপাত কৰে।