ashomiyapatrika.com

বিস্মিতা গগৈ, দিপাংক নাথ, পুৰুষোত্তম দলে, দিলীপ পাল, অংকিতা দত্ত, প্ৰকাশ চন্দ্ৰ দাসসহ সহস্রাধিকৰ বিজেপিত যোগদান

0 58

বিজেপিয়েহে অসমক সুৰক্ষিত ৰাখিব পাৰিবঃ দীপাংক নাথ

গুৱাহাটীঃ ‘ভাৰতীয় জনতা পার্টিত চাৰ, মেডাম আদি শব্দ ব্যৱহাৰ কৰাৰ সংস্কৃতি নাই। আমি সকলো ভাই-ভনীৰ দৰে থাকো। ইজনে সিজনক দাদা-বাইদেউ বুলি সম্বোধন কৰোঁ। কংগ্ৰেছৰ দৰে আমাৰ দলত কোনেও কাকো চাৰ- মেডাম বুলি সম্বোধন কৰিব নালাগে। ভাৰতীয় জনতা পার্টি কেৱল এটা ৰাজনৈতিক দলেই নহয় ই এটা শৃংখলাৱদ্ধ পৰিয়ালহে’ – এই মন্তব্য বিজেপি অসম প্রদেশৰ সভাপতি ভবেশ কলিতাৰ। দলৰ ৰাজ্যিক কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত আয়োজিত এক গাম্ভীর্যপূর্ণ যোগদান অনুষ্ঠানত ভাষণ প্রদান কৰি দলৰ ৰাজ্যিক সভাপতিজনে এনেদৰে মতপোষণ কৰে।উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ প্রাক্তন সভাপতি

দীপাংক নাথ, প্রাক্তন মন্ত্রী বিস্মিতা গগৈ, আছুৰ প্রাক্তন উপদেষ্টা প্রকাশ চন্দ্র দাস, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ই এম পুৰোষোত্তম দলে, যুৱ কংগ্রেছৰ প্ৰাক্তন সভানেত্রী অংকিতা দত্ত তথা সাধাৰণ সম্পাদক শ্যামল নাৰায়ণ দেৱকে আদি কৰি কংগ্রেছ, অসম জাতীয় পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহস্রাধিক নেতা-কর্মীয়ে আজি ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাবে যোগদান কৰে। এই যোগদান কাৰ্যসূচী উপলক্ষে ৰাজ্যিক কার্যালয়ত আয়োজিত সভাত অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পীয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা, বিধায়কদ্বয় ক্রমে দিগন্ত কলিতা আৰু মানৱ ডেকাৰ লগতে ৰাজ্যিক

বিজেপিৰ নেতৃবর্গও উপস্থিত থাকে। দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই আঁত ধৰা যোগদান অনুষ্ঠানত দল এৰি গুচি যোৱা অসম বিধান সভাৰ প্রাক্তন উপাধ্যক্ষ তথা শিলচৰৰ প্ৰাক্তন বিধায়ক দিলীপ পাল আৰু পাটাছাৰকুছিৰ ফনী পাঠকেও আজি পুনৰ ভাৰতীয় জনতা পার্টিলৈ উভতি আহে। উল্লেখযোগ্য যে ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাবে যোগদান কৰাৰ পিছতেই প্রাক্তন মন্ত্রী বিস্মিতা গগৈ আৰু যুৱ নেত্রী অংকিতা দত্তই কংগ্রেছ দলত লাভ কৰা তিক্ত অভিজ্ঞতাৰ বিষয়ে বর্ণনা কৰে। আনহাতে বর্তমান অসমৰ ৰাজনীতি আৰু অসমীয়াৰ জাতি ভৱিষ্যত কেৱল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতেই সুৰক্ষিত বুলি সদৌ অসম ছাত্ৰ সন্থাৰ প্রাক্তন

সভাপতি দীপাংক নাথে তেওঁৰ ভাষণত উল্লেখ কৰে। নাথৰ মতে বিজেপিৰ মতাদর্শইহে অসমীয়া জাতিক প্রকৃত ৰক্ষা কৱচ দিব পাৰিব। ঠিক একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শমাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সর্বাংগীন বিকাশৰ বাবে গ্রহণ কৰা আঁচনিৰ প্ৰতি আকৃষ্ট হৈয়েই ভাৰতীয় জনতা পার্টিত যোগদান কৰা বুলি আছুৰ প্ৰাক্তন উপদেষ্টা প্রকাশ চন্দ্ৰ দাসে মত পোষণ কৰে।

Leave A Reply

Your email address will not be published.