বকোৰ মানৱ দৰদী জনাৰ্দ্দন বড়োৰ মহানুভৱতাঃ সাংস্কৃতিক মহাসংগ্ৰামত শ্ৰেষ্ঠ্যত্ব অৰ্জন কৰা শিল্পীক সম্বৰ্ধনা
বকোঃ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা সাংস্কৃতিক মহাসংগ্ৰামত কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ পৰা চাৰিগৰাকী কণ্ঠশিল্পীয়ে শ্ৰেষ্ঠ্যত্ব সন্মান লাভ কৰি ৰাজ্যিক পৰ্য্যায়ত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে। ভিন্ন কেটেগৰীত স্থান লাভ কৰা কণ্ঠশিল্পী চাৰিগৰাকী হ’ল ক্ৰমে – ২নং ডাকুৱাপাৰা গাঁওৰ যুগশ্ৰী ৰাভা, ডেভিদ তমূলী, ২ নং দক্ষিণ ছেখাদাৰী (সোণালীপাৰা) গাঁওৰ দুলুমণি ৰয় আৰু ১নং টুপামাৰী গাঁওৰ ৱাহিদা ৰহমান। উল্লেখ্য যে সাংস্কৃতিক মহাসংগ্ৰামত জিলা পৰ্য্যায়ৰ পৰা ৰাজ্যিক পৰ্য্যায়ত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰাৰ বাবে গণতন্ত্ৰ দিৱস উপলক্ষে বকোৰ আগ শাৰীৰ বাণিজ্যিক প্ৰতিষ্ঠান ‘দীক্ষিতা চুইটছ
এণ্ড বেকাৰী’ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। কণ্ঠশিল্পী কেইগৰাকীৰ ঘৰে ঘৰে গৈ দীক্ষিতা চুইটছ এণ্ড বেকাৰীৰ স্বত্বাধিকাৰী তথা মানৱ দৰদী জনাৰ্দ্দন বড়ো, তেখেতৰ জীয়ৰী দীক্ষিতা বড়ো আৰু পুত্ৰ জ্যোনজ্যোতি বড়োৱে বড়ো সকলৰ জাতীয় কাপোৰ আৰনাই , কিতাপ আৰু দীক্ষিতা প্ৰকাশনৰ দিনপঞ্জী ‘শিপা’ৰে সম্বৰ্ধনা জ্ঞাপন কৰে। স্বত্বাধিকাৰী বড়োৱে কণ্ঠশিল্পী কেইগৰাকীয়ে সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্য্যায়তো বিজয়ী হৈ বকোৰ সুনাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যুগশ্ৰী ৰাভাই ‘ক’ শাখাত বিষ্ণু ৰাভা সংগীতত জিলা পৰ্য্যায়ত দ্বিতীয় স্থান, ডেভিদ তামূলীয়ে ‘খ’ শাখাত বিষ্ণু ৰাভা সংগীতত দ্বিতীয়
স্থান , দুলুমণি ৰয়ে ‘গ’ শাখাত জ্যোতি সংগীতৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা তৃতীয় স্থান আৰু ৱাহিদা ৰহমানে ‘খ’ শাখাত বিষ্ণু ৰাভা সংগীতৰ লগতে ৰবীন্দ্ৰ সংগীতত তৃতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্য্যায়ত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে। ইফালে বকো সাহিত্য সভাৰ সাধাৰণ সম্পাদক তথা সততে জনসাধাৰণৰ মাজত জনপ্ৰিয় সমাজ কৰ্মী জনাৰ্দ্দন বড়োৰ এনে মহানুভৱতাক শলাগ লয় কৃতজ্ঞতা জ্ঞাপন কৰে শুভাকাংশীয়ে।