পুথিভঁৰাল আন্দোলনক স্বীকৃতি প্ৰদানৰ আহ্বান ড° নৰকান্ত অধিকাৰীৰ
বকোত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
বকোঃ ‘গ্ৰন্থাগাৰ বিশ্ব দৰ্শনৰ মুলদ্বাৰ’ ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ এই বেলি ৩৮ সংখ্যক বৰ্ষৰ প্ৰতিষ্ঠা দিৱস। বিগত ইং ১৯৮৫ চনৰ ২৭ জানুৱাৰীত গঠন কৰা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠা দিৱসটি আজি কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন জনতা সংঘ বন্দাপাৰাৰ সহযোগত দিনযোৰা বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে। পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসুচী অনুসৰি পুৱাৰ ভাগত জনতা সংঘ বন্দাপাৰাৰ সভাপতি ৰঞ্জিত দাসৰ জৰিয়তে সমুহীয়া পৰিবেশ নিকাকৰণ, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ সভাপতি ধীৰেন্দ্ৰ শৰ্মাৰ দ্বাৰা পতাকা উত্তোলন, জনতা
সংঘৰ সাধাৰণ সম্পাদক বিজয় বড়োৰ জৰিয়তে স্মৃতি তৰ্পণ, জ্যেষ্ঠ্য সমাজ কৰ্মী হৰকান্ত মেধি আৰু কোচ ৰাজবংশী নেতা অনাদী পাটোৱাৰীৰ জৰিয়তে গছ পুলি ৰোপণ, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাংগঠনিক সম্পাদক মিলন কুমাৰ দাসৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ মাজত গীত – মাত – নৃত্যৰ বিচিত্ৰানুস্থান পৰিবেশন কৰা হয়। দিনৰ ভাগত উপ সভাপতি ধীৰেন্দ্ৰ শৰ্মাৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়। কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি অনুপম দাসে আদৰণি জনোৱা মুকলি সভাৰ নিৰ্দিষ্ট বক্তাৰ ভাষণত মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৰকান্ত অধিকাৰীয়ে কয় যে ৰাজ্যৰ পুথিভঁৰাল সমুহ বিজ্ঞান সন্মত তথা
বৈজ্ঞানিক সা সুবিধা থকা আৰ্হিত নিৰ্মাণ কৰা উচিত। লগতে পুথিভঁৰাল আন্দোলনক চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে গ্ৰামাঞ্চলৰ যুৱ প্ৰজন্মৰ অধিক বিকাশ হ’ব বুলি মন্তব্য আগবঢ়ায়। কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণু ৰাম দাসে আত ধৰা অনুস্থানত অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ পাৰিষদ কল্পৰাম ৰাভা, দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক দীপক কুমাৰ ৰয়, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন নাথ, নগাঁও কলংপাৰ সাপ্তাহিক বাতৰি কাকতৰ মুখ্য সম্পাদক ভবেন বৰা, কাৰ্য্যনিৰ্বাহক সদস্য দ্বীজেন নাথ, উপ সভানেত্ৰী ড° দিলোৱাৰা বেগম,
গোৱালপাৰা জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক প্ৰতাপ অধিকাৰী, সন্থাৰ অগ্ৰনী কৰ্মী জ্যোষ্ঠা সমাজ সেৱিকা নিৰুপমা ৰাভাকে ধৰি বহু সংখ্যক সাহিত্য প্ৰেমী ৰাইজ। অনুস্থানত শলাগৰ শৰাই আগবঢ়াই সাংগঠনিক সম্পাদক মিলন কুমাৰ দাসে। ইফালে মুকলি সভাৰ পিছতে বন্তি প্ৰজ্বলন কৰে নিৰুপমা ৰাভাই।