ashomiyapatrika.com

আমিনগাঁৱত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

0 26

বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলাত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গুৱাহাটীঃ দেশৰ অন্যান্য অংশৰ লগতে কামৰূপ জিলাতো আজি গণৰাজ্য দিৱস ব‌্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। আমিনগাওঁৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। এই উপলক্ষে দিয়া ভাষণত তেওঁ কামৰূপ জিলাৰ গৌৰৱময় ঐতিহ্যৰ লগতে স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদ সকলকো শ্ৰদ্ধাৰে সুঁৱৰে। তেওঁ কয় যে দেশে গণৰাজ্য দিৱসৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তিৰ পৱিত্ৰ ক্ষণত স্বাধীনতাৰ অমৃত কালৰ মহাজ্যোতিৰে বিঢৌত হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ‌্ৰ মোডীৰ নেতৃত্বত দেশখন বিকাশৰ এটা বিশেষ স্তৰলৈ গতি কৰা বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। কামৰূপ জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত

কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াও উপস্থিত থাকে। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ লগতে আমি কামৰূপ জিলাতো ৭৫ সংখ্যক গণৰাজ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা ৫ বজাৰ পৰাৰ পৰা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা উলিওৱা প্ৰভাত ফেৰীৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পিছতে আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা মূল কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন. চি. চি.

আদিৰ তৰফৰ পৰা প্ৰদৰ্শন কৰা আকৰ্ষণীয় কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। পতাকা উত্তোলন কৰাৰ আগমূহুৰ্তত তেওঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। মন্ত্ৰী মহন্তই তেওঁৰ ভাষণত বৰ্তমানৰ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ দ্ৰুত বিকাশৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিস্তৃত আলোকপাত কৰে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সমূহে জনসাধাৰণৰ বিকাশৰ দিশত বিশেষভাৱে অৰিহণা যোগাইছে বুলিও তেওঁ কয়। গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি, তথা দেশ মাতৃৰ বন্দনাৰে সমৃদ্ধ এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান

পৰিৱেশন কৰাৰ উপৰি কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ দ্বাৰা বাঁটৰ নাট প্ৰদৰ্শন কৰা হয়। তদুপৰি পৰিবহন, শিক্ষা, সমাজ কল্যাণ, কৃষি, বন আৰু পৰিবেশ আৰু স্বাস্থ্য বিভাগৰ আকৰ্ষণীয় প্ৰতীক পটো প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত নৰসিং বে, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, কামৰূপ জিলাৰ মুক্ত যুঁজাৰু প্ৰয়াত পৰশুৰাম কলিতাৰ পত্নী কৰ্ণবালা কলিতা, গুণৰাম লহকৰৰ পত্নী চাণমাই লহকৰ আৰু ৰাঘব কলিতাৰ পত্নী সুদিস্তা কলিতাৰ লগত মুক্তি যুঁজাৰু সকলৰ পৰিয়াল-বৰ্গ, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু যথেষ্ট সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানত গণৰাজ্য দিৱস

উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলৰ লগতে জিলাখনৰ এইবাৰৰ শিল্পী পেঞ্চনাৰ, বাৰ্ষিক শিল্পী সন্মান প্ৰাপ্ত শিল্পী সকল, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কৃত জিলা মীণ উন্নয়ন বিষয়া আৰু গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধকক সম্বৰ্দ্ধনা জনোৱা হয়। কুচকাৱাজত অংশগ্ৰহণ কৰা শ্ৰেষ্ঠ দল সমূহকো পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত নৰসিং বেই সংহত কামৰূপ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তেওঁ এই উপলক্ষে দিয়া চমু ভাষণত জিলাখনৰ প্ৰগতিত বিষয়া-কৰ্মচাৰী সকলে আগবঢ়াই অহা সেৱাৰ বাবে

প্ৰশংসা কৰি কয় যে, আজিৰ দিনটোতে আমি অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাৰ বাবে অঙ্গীকাৰবদ্ধ হোৱা উচিত। আবেলি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত জিলা আয়ুক্ত একাদশ আৰু আৰক্ষী অধীক্ষক একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.