ashomiyapatrika.com

বকোৰ বেলপাৰাত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশন

0 53

বকোঃ ৰাজ্যৰ থলুৱা জনগোষ্ঠী সমূহৰ অন্যতম ৰাভা সকলোৰ সামগ্ৰীক বিকাশৰ বাবে কাম কৰি থকা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদৰ অধিবেশন বকোৰ বেলপাৰাত আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক অধিবেশন অহা ৪ ফেব্ৰুৱাৰীত বেলপাৰা নৱজ্যোতি সংঘৰ প্ৰাংগনত দিনযোৰা কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে। উল্লেখ্য যে বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সভাপতি উপেন চন্দ্ৰ ৰাভা আৰু ভাৰপ্ৰাপ্ত সম্পাদক কৰ্ণধৰ ৰাভাই জনোৱা মতে বেলপাৰা অঞ্চলৰ সমাজ কৰ্মী অনিল ৰাভাক সভাপতি আৰু যুৱ কৰ্মী বুলু ৰাভাক

সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা অভ্যৰ্থনা সমিতিয়ে অধিবেশন খন সৰ্বাঙ্গসুন্দৰ ৰূপত পৰিচালনা কৰিবলৈ যাৱতীয় কাম-কাজ কৰি আহিছে। কেৱাটাও বিভাগত দায়িত্ব দি গঠন কৰা হৈছে কেৱাখনো উপ সমিতি। ইফালে অধিবেশনৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু ৰভা, মঞ্চ, পেণ্ডেল, গেট নিৰ্মানত ব্যস্ত হৈ পৰিছে কৰ্মকৰ্তা সকল। এই বেলি বেলপাৰা – পাঠশালাকোঠ শাখা ৰাভা জাতীয় পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছে অধিবেশনৰ মুল কাৰ্য্যসুচী। অভ্যৰ্থনা সমিতিৰ উপ সভাপতি দ্বয় মিলন ৰাভা আৰু উমেশ চন্দ্ৰ ৰাভাই জনোৱা মতে অধিবেশনৰ কাৰ্য্যসুচী

অনুসৰি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছ পুলি ৰোপন, প্ৰতিনিধিৰ নাম পঞ্জীয়ন, প্ৰতিনিধি সভাকে ধৰি বহু কাৰ্য্যসুচী ৰূপায়নৰ পিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। অধিবেশনৰ সকলো অনুষ্ঠানতে ৰাইজৰ সহযোগিতা বিচাৰিছে উদ্যোক্তা সমিতিয়ে।

Leave A Reply

Your email address will not be published.