ashomiyapatrika.com

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত জিলাই জিলাই বিশ্ব হিন্দু মহাসংঘৰ কাৰ্যসূচী

0 139

গুৱাহাটীঃ অযোধ্যাত ভব্য ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা বিশ্ব হিন্দু মহাসংঘ, অসম প্ৰদেশৰ অন্তৰ্গত প্ৰায় সকলো জিলাত বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মহাসংঘৰ অসম প্ৰদেশৰ বিষয়ববীয়াসকলে সেইদিনা বশিষ্ঠ মন্দিৰৰ পঞ্চকন্যা ধাম ভীমাশংকৰ ক্ষেত্ৰত ২৪ ঘন্টীয়া অখণ্ড ৰামায়ণ পাঠৰ লগতে মহাযজ্ঞত সহযোগ কৰে। তাৰ আগদিনা অৰ্থাৎ ২১ জানুৱাৰীত লতাশিলৰ গণেশ মন্দিৰৰ পৰা প্ৰায় ২ কিঃমিঃ জুৰি কৰা অপ্ৰমাদী কবি মাধৱ কন্দলি প্ৰণীত সপ্তকাণ্ড ৰামায়ণৰ শোভাযাত্ৰাতো সহযোগিতা আগবঢ়ায়। উক্ত দুয়োটা কাৰ্যসূচীতে উপস্থিত থাকে বিশ্ব হিন্দু মহাসংঘৰ উত্তৰ পূৱৰ প্ৰভাৰী ভাৰ্গৱী লীমা মহন্ত, ৰাজ্যিক অধ্যক্ষ

ভৱেন্দ্ৰনাথ (বাপন) শৰ্মা, সমন্বয়ক প্ৰাঞ্জল ভট্টাচাৰ্য, যোৰহাট জিলাৰ অধ্যক্ষ অবিনাশ মহন্তকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকলে৷ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা মহাসংঘৰ শিৱসাগৰ জিলাই নাজিৰাস্থিত অগ্নিনাভ শিৱ মন্দিৰত ৩ হাজাৰ চাকি, তেল-শলিতা আৰু ধূপ বিতৰণ কৰে। বঙাইগাঁও জিলা সমিতিৰ দ্বাৰা এহেজাৰ গচি বন্তি প্ৰজ্বলন কৰা হয়। হোজাইস্থিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা-অৰ্চনা আৰু নাম-কীৰ্তন কৰা হয়। মহাসংঘৰ যোৰহাট জিলা সমিতিয়ে নগৰৰ মাজেদি এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়। ডিব্ৰুগড়ৰ অলক্ষ গণেশ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লগতে বাইক ৰেলীৰ আয়োজন কৰে। সেইদৰে মহাসংঘৰ বিভিন্ন জিলা সমিতিয়ে উক্তদিনা বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে পৱিত্ৰ দিনটো উদযাপন কৰে।

Leave A Reply

Your email address will not be published.