ashomiyapatrika.com

অসমৰ উন্নতিতকৈ চীনৰ দালালী এতিয়া আলফা (স্বা)ৰ মুখ্য বিষয়ঃ হিন্দু যুৱ ছাত্ৰ

0 51

গুৱাহাটীঃ স্বাধীন অসমৰ দাবী তোলা আলফা স্বাধীনে এতিয়া গুণ্ডা ৰাষ্ট্র চীনৰ দালালী কৰাতহে অধিক গুৰুত্ব আৰোপ কৰিছে। এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ। আজি বাতৰি কাকতলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিত আলফা স্বাধীনক এনেদৰে সমালোচনা কৰি সংগঠনটোৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে নাও ডুবিলেও টিঙৰ পৰা নামিবলৈ মন নকৰা পৰেশ বৰুৱা তথা পৰেশ অসমে স্বাধীন অসম অবাস্তৱ আৰু অসম্ভব বুলি ভালদৰে জানিও আকোৰগোজ হৈ থাকি অসমখন অশান্ত কৰি ৰখাৰ প্ৰয়াস কৰি আছে। এসময়ত আলফা (স্বা) সন্ত্রাসৰ বাবে অসমত কোনো ব্যৱসায় গোষ্ঠীয়ে বিনিয়োগ নকৰাৰ

লগতে স্থানীয় লোকেও ভালদৰে ব্যৱসায় আৰম্ভ নকৰিছিল। আনকি আলফা (স্বা) সন্ত্রাসৰ বাবে ক্ষমতা থাকিও বহুলোকে ভাল ঘৰ নাসাজিছিল। ক্রমে আলফাৰে ৯৯% নেতা-কর্মীয়ে নিজৰ ভুল বুজি পায় মূলসুতিলৈ ওভতি অহাৰ পিছত বর্তমান অসমত এক সুস্থিৰ পৰিবেশ আহিছে বুলি বৈশ্য আৰু দাসে কয়। তেওলোকে লগতে কয় যে ‘স্বাধীন অসম’ অসম্ভৱ আৰু সন্ত্রাসবাদে ৰাজ্যৰ উন্নতি স্থৱিৰ কৰে বুলি ভালদৰে জানিও পৰেশ অসমে চীনৰ শ্রুতলিপি অনুযায়ী অসমখন অশান্ত কৰাৰ বাবে দিনে নিশাই ষড়যন্ত্রত লিপ্ত হৈ আছে বুলি মন্তব্য কৰি পৰিষদৰ নেতাদ্বয়ে আলফা স্বাধীন তথা পৰেশ অসমক এনে কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে সকীয়নী প্রদান

কৰে। একেটা বিবৃতিতে বৈশ্য আৰু দাসে কয় যে সমাগত গনৰাজ্য দিৱস বর্জন কৰি আলফা স্বাধীনে পুনৰবাৰ এইটো প্রমাণ কৰিলে যে আলফা (স্বা) তথা পৰেশ অসমে অসমৰ উন্নতিতকৈ গুণ্ডা ৰাষ্ট্র চীনৰ দালালী কৰাতহে গুৰুত্ব আৰোপ কৰিছে। আকোৰগোজ অস্তিত্বহীন পৰেশ অসম তথা আলফা স্বাধীনে সমাগত গনৰাজ্য দিৱস বৰ্জন কৰাৰ পৰিপেক্ষিতত অসমৰ সকলো জাতি জনগোষ্ঠীৰ অবাল বৃদ্ধ বনিতাক এই গনৰাজ্য দিৱস ধুমধাম আৰু উলহমালহেৰে পালন কৰিবলৈও হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে অসমৰ জনসাধাৰণক আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.