ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা’ত পুনৰ অঘটনঃ ন্যায় যাত্ৰা’ত অসম আৰক্ষীৰ লাঠী চাৰ্জ কংগ্ৰেছ কৰ্মীক
গুৱাহাটীঃ ১৮ জানুৱাৰীৰ পৰা অসমত চলি থকা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি গুৱাহাটীত প্ৰবেশ কৰাত পুনৰ সৃষ্টি হ’ল অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ গুৱাহাটীৰ খানাপাৰত এই যাত্ৰাৰ সময়ত হাজাৰ হাজাৰ মানুহে ভিৰ কৰে। আজি এই ন্যায় যাত্ৰাত অংশ লোৱা কংগ্ৰেছ কৰ্মী সকলৰ ওপৰত লাঠীচাৰ্জ কৰে অসম আৰক্ষীয়ে। ন্যায় যাত্ৰা’ত বাধা প্ৰদান কৰিবলৈ অসম আৰক্ষীয়ে দিয়া বেৰিকেড ভাঙি পেলাই যাত্ৰাত অংশগ্ৰহণকাৰীয়ে। যাৰ বাবে অসম আৰক্ষীয়ে লাঠীচালনা কৰে। ইয়াৰ লগে লগে অংশগ্ৰহণকাৰী সকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম আৰক্ষী হায় হায় ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে
পৰিস্থিতি চম্ভালিবলৈ কয় যে, নাভাবিব আমি দুৰ্বল বুলি কংগ্ৰেছৰ কৰ্মীসকল দুৰ্বল নহয়, আমি কাকো ভয় নকৰোঁ, কংগ্ৰেছৰ কৰ্মীসকল এজন এজন সিংহ হয়। আমি সেই কাৰণে বেৰিকেড ভাঙি পেলাই দিছো। কিন্তু আমি আইন ভংগ নকৰো। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ দৰে কংগ্ৰেছে আইন ভংগ নকৰে। ৰাহুল গান্ধীয়ে আৰু লগতে কয় যে এই ৰাস্তাৰে জেপি নাড্ডাক যাবলৈ দিছিল, বজৰং দল গৈছিল কিন্তু আমাক যাব দিয়া নাই। ইয়াৰ লগতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে, আজি আমি সকলোৱে শান্তি প্ৰিয়ভাৱে গুৱাহাটীৰ মাজেদি যাব বিচাৰিছিলো। এই ৰাস্তাৰ দ্বাৰা জেপি নাড্ডাক, বজৰং দল আদিক ৰেলী কৰিব দিছিল । কিন্তু যেতিয়া আমি যাব
বিচাৰো যাব দিয়া নাই। এই অন্যায় আমি সহ্য নকৰো। সংবিধানে যি অধিকাৰ দিছে আমি লম। কিন্তু আমি পৰিবেশ বেয়া কৰিব বিচৰা নাই। অসম আৰক্ষীক অনুৰোধ জনাইছো আই-মাতৃ, বৃদ্ধ সকলো আছে ইয়াত। সকলোকে সুৰক্ষিতভাৱে যাবলৈ দিয়ক। আমি সংঘাত বিচৰা নাই। গৌৰৱ গগৈয়ে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি আৰু কয় যে, আমাৰ ওপৰত তেওঁলোকে যিমান অত্যাচাৰ চলাব আমি সিমানেই শক্তিশালী হৈ যাম। আমি হাজাৰ বাধাৰ মাজেৰেও এই যাত্ৰা আগুৱাই লৈ যাম।