ashomiyapatrika.com

চিৰাঙত ভূ-মাফিয়াৰ দপদপনিঃ বনাঞ্চলিক বিষয়াক আক্ৰমণ, বাহনৰ বিস্তৰ ক্ষতি সাধন

0 41

কাজলগাঁওঃ চিৰাঙত ভাৰত-ভূটান সীমান্তৰ ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলত ভূ-মাফিয়াৰ দ্বাৰা বনাঞ্চলিক বিষয়াক আক্ৰমণৰ ঘটনা এটা সংঘটিত হৈছে। ঘটনাটো সংঘটিত হয় জিলাখনৰ ৰুণীখাতা থানাৰ অন্তৰ্গত ৰিপু- চিৰাং বনাঞ্চলৰ লাওপানী নামৰ ঠাইখনত। এই আক্ৰমণত ৰুণীখাটাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰ গুৰুতৰভাৱে আহত হোৱাৰ হোৱাৰ লগতে আন দুগৰাকী সামান্যভাৱে আহত হয়। ঘটনা সম্পৰ্কত চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়ে যে আজি পুৱাৰ ভাগত বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত এটি বনবিভাগৰ দলে নিয়মীয়া টহল দিবলৈ যাওঁতে ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলৰ লাওপানী

অঞ্চলত পূৰ্বতে উচ্ছেদ কৰা ঠাইত পুনৰ ঘৰ নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰে আৰু ঘৰটো ভাঙিবলৈ ধৰে। এনে সময়তে ওচৰে লুকাই থকা এটি ভূ-মাফিয়াৰ দলে বনবিভাগৰ দলটোক অতৰ্কিতে আক্ৰমণ কৰে।এই আক্ৰমণত আহত বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰক বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। মূৰত আঘাত পোৱা বিষয়াগৰাকীক আই চি ইউত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে। ইপিনে দুৰ্বৃত্তৰ দলটোৱে বনবিভাগৰ গাড়ীখনৰো বিস্তৰ ক্ষতি সাধন কৰে। ইয়াৰ পূৰ্বেও বিষয়াগৰাকীক কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল। ঘটনাৰ পিছত আৰক্ষী আৰু বনবিভাগৰ দলে দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ কাৰণে তীব্ৰ অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত এটি দুৰ্বৃত্তকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply

Your email address will not be published.