ashomiyapatrika.com

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে উত্তৰ পূৱৰ পৰা অযোধ্যালৈ ৰাওনা বিশ্ব হিন্দু মহাসংঘৰ পাচ প্ৰতিনিধি

0 71

গুৱাহাটীঃ বহু প্ৰতিক্ষাৰ অন্তত অযোধ্যাত ২২জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব৷ ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশতে চলিছে ভগৱান ৰামৰ বন্দনা জয় শ্ৰীৰাম ধ্বনি৷ উল্লেখ্য যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল পৰ্বৰ পূৰ্বে ১৮জানুৱাৰীত নৱনিৰ্মীত ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হৈছে ভগৱান ৰামলালৰ মূৰ্তি৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰএছএছ প্ৰধান মোহন ভাগৱত, শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ অধ্যক্ষ মহন্তনৃত্য গোপাল দাস, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দি বেন পেটেল, মূখ্যমন্ত্ৰী যোগী আদিত্য নাথকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্ন্যাসী আৰু আমন্ত্ৰিত বিশিষ্ট

অতিথিৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা উৎসৱ ৰূপায়ণ কৰা হব৷ ইতিমধ্যে অসম সহ উত্তৰ পূৱৰ পৰা কেইবাজনো লোক প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰে উত্তৰ পূৱৰ পৰা বিশ্ব হিন্দু মহাসংঘক প্ৰতিনিধিত্ব কৰি মহাসংঘৰ অসম ৰাজ্যিক সম্পাদক দেনিয়েল শাস্ত্ৰী নেতৃত্বত ত্ৰিপুৰাৰ বিষ্ণু দাস, মাতৃ গোটৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মধুমিতা দাস, অনিতা দাস আৰু হৰেন দাসে অযোধ্যালৈ ৰাওনা হৈছে৷ অযোধ্যালৈ যোৱা পাচজনীয়া দলটোক কামেখ্যা ৰেলেৱে ষ্টেচনত মহাসংঘৰ ৰাজ্যিক সভাপতি ভৱেন্দ্ৰ নাথ শৰ্মা আৰু সাধাৰণ সম্পাদক মানস প্ৰতীম মহন্তই ফুলাম গামোছাৰে

সম্ভাষণ জনায়৷ দলটোৱে প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত অযোধ্যাতে থাকি অসম তথ উত্তৰপূৱ বাসীৰ বাবে সেৱা জনাব বুলি মহাসংঘৰ উত্তৰ পূৱৰ প্ৰভাৰী লীমা মহন্তই জানিবলৈ দিছে৷

Leave A Reply

Your email address will not be published.