ashomiyapatrika.com

বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোসাঁই আশ্ৰিত শিৱ মন্দিৰৰ সাহায্যৰ্থে আয়োজিত উপহাৰ কুপনৰ খেলৰ ফলাফল ঘোষণা

0 27

বকোঃ দেৱৰ ঈশ্বৰ মহাদেৱক উপাসনা কৰা শক্তিস্থান কামৰূপ জিলাৰ বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোঁসাই আশ্ৰিত মন্দিৰৰ সাহায্যৰ্থে মন্দিৰ সমিতিয়ে আয়োজন কৰিছিল উপহাৰ কুপনৰ খেল। বকো আৰক্ষী থানাৰ নাৰেঙ্গাস্থিত ভাঙ্গাৰা গোঁসাই ঘৰ আধুনিকিকৰণৰ বাবে আঁচনি গ্ৰহণ কৰি আয়োজন কৰা উপহাৰ কুপনৰ খেল খন আজি আয়োজন কৰা হয়। ভাঙ্গাৰা গোঁসাই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি চবিন কৈৱৰ্ত আৰু সম্পাদক কাতি ৰাম কৈৱৰ্তৰ তৎপৰতাত আজি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় উপহাৰ কুপনৰ খেল খন। ভিন্ন প্ৰান্তৰ অজশ্ৰ দৰ্শক আৰু কুপন ক্ৰেতাৰ উপস্থিতিত মুকলিকৈ আয়োজন কৰা হয় খেল খন। ইফালে উপহাৰ

কুপন খেল পৰিচালনা সমিতিৰ বিষয় ববীয়াৰ উপৰিও যুৱ কৰ্মী কমলেশ্বৰ কৈৱৰ্ত, বকোৰ যুৱ সমাজ কৰ্মী উমেশ ৰাভা আৰু কুপনৰ এজেণ্ট সহ বহু সংখ্যক সামাজিক কৰ্মীৰ সহযোগত অনুষ্ঠিত কৰা হয় খেল খন। খেলৰ বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বকোৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, আঞ্চলিক পঞ্চায়তৰ সদস্য তনুৰাম ৰাভা, বহু কেইজন শিক্ষক আৰু সমাজ কৰ্মী। বিপুল ৰাইজৰ সঁহাৰি আৰু সহযোগত দিনৰ ১২ বজাতে উপহাৰ কুপনৰ খেল খন অনুষ্ঠিত হয় লগতে আবেলি ২ বজাতে খেলৰ সামৰণি পৰে। এক শান্তি শৃংখলা আৰু সুন্দৰ পৰিবেশত খেল খন পৰিচালিত হয়।

Leave A Reply

Your email address will not be published.