ashomiyapatrika.com

গুৱাহাটী মহানগৰ জিলাৰ বুথ সভাপতি আৰু শক্তিকেন্দ্ৰ প্ৰমুখ সকলৰ প্ৰশিক্ষণ শিবিৰ

0 23

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, অটল বিহাৰী বাজপেয়ী ভৱনৰ চৌহদত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত ১০২৩ জন বুথ সভাপতি আৰু ২৩৯ গৰাকী শক্তিকেন্দ্ৰ প্ৰমুখৰ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত প্ৰশিক্ষণ কার্যসূচীত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস, বিকাশ,ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ খনৰ জনকল্যাণ মূলক আঁচনি সমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বিষয়ত বুথৰ সভাপতি সকলক অৱগত কৰে।

লগতে এই প্ৰশিক্ষণ কার্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুথসমূহ শক্তিশালী কৰি তুলিবলৈ দলীয় কাৰ্যসূচী পৰিকল্পনা প্ৰস্তুত, বুথ অন্তৰ্গত নতুন ভোটাৰ অন্তৰ্ভুক্তি আৰু লগতে বুথৰ সভাপতি সকলৰ নিৰ্বাচনৰ সময়ত ভূমিকা সন্দৰ্ভত বিস্তৃত ভাৱে চৰ্চা কৰে। উক্ত প্ৰশিক্ষণ কাৰ্যসুচীত ভাৰতীয় জনতা পাৰ্টি মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাসে ‘পণ্ডিত দীনদয়াল উপাধ্যায় বিচাৰ দৰ্শন’ ওপৰত লিখি উলিওৱা গ্ৰন্থখন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে।

Leave A Reply

Your email address will not be published.