ashomiyapatrika.com

এপিএছচিৰ ২০২২ বৰ্ষৰ ফলাফল ঘোষণাঃ অসম অসামৰিক সেৱাত গৌৰীপুৰৰ ৰচিকা ইছলামে প্রথম আৰু অসম পুলিচ সেৱাত হোজাইৰ ৰোহিত চৌধুৰীৰ প্ৰথম স্থান লাভ

0 32

গুৱাহাটীঃ অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিয়ে ২০২২ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ চুড়ান্ত ফলাফল আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এচিএচ/এপিএচ আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে সৰ্বমুঠ ৯১৩ গৰাকী প্রার্থী আয়োগে নিযুক্তিৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰিছে৷ অসম অসামৰিক সেৱাৰ বাবে গৌৰীপুৰৰ ৰচিকা ইছলামে প্রথম স্থান, বৰকুছি, মির্জাৰ দিক্ষীত দাসে দ্বিতীয় স্থান আৰু বাপাপুঞ্জ ডিগবৈৰ বিথপী গগৈয়ে তৃতীয় স্থান লাভ কৰে। আনহাতে অসম পুলিচ সেৱাৰ বাবে হোজাইৰ ৰোহিত চৌধুৰীয়ে প্ৰথম স্থান লাভ কৰে। সবিশেষ ফলাফল আয়োগৰ ওৱেবচাইট www.apsc.nic.in ত উপলব্ধ হ’ব। উল্লেখযোগ্য যে

আয়োগে ইতিমধ্যে পৰৱৰ্তী সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে বিজ্ঞপ্তি প্রকাশ কৰিছে আৰু ইয়াৰ প্ৰাৰম্ভিক পৰীক্ষা অহা ১৭ মার্চ ২০২৪ত অনুষ্ঠিত হ’ব বুলি সচিব গৰাকীয়ে জানিবলৈ দিছে৷ সচিবগৰাকীয়ে কয় আয়োগৰ ইতিহাসত প্রথম মাত্র ৯ মাহৰ ভিতৰতে সমগ্র প্রক্রিয়া সম্পন্ন কৰা হৈছে। এইবাৰ সর্বাধিক প্রার্থী অবতীর্ণ হৈছে, সৰ্বাধিক পদৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছে, সৰ্বাধিক উত্তৰবহী মূল্যায়ন কৰা হৈছে।

Leave A Reply

Your email address will not be published.